অসম

লাভলীনালৈ প্ৰথম শ্ৰেণীৰ চৰকাৰী চাকৰি আৰু ৫০ লাখ টকাৰ পুৰস্কাৰ ৰাজ্য চৰকাৰৰ…

টকিঅ’ অলিম্পিকত নতুন ইতিহাস ৰচিলে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে।

প্ৰথমবাৰলৈ অসমৰ খেলুৱৈয়ে অলিম্পিকত নিশ্চিত কৰিলে পদক।

কোৱাৰ্টাৰ ফাইনেলত ছেন নিয়েনক হৰুৱাই লাভলীনাৰ জয়। টা

ইৱানৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ কৰিলে লাভলীনাই। 

অলিম্পিকত লাভলীনাৰ জয়ৰ পিছতে ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে ব্যাপক উছাহ।

অলিম্পিকত লাভলীনাৰ সফলতাৰ পিছত ৰাজ্য চৰকাৰৰ বৃহত ঘোষণা।

লাভলীনা বৰগোঁহাইলৈ প্ৰথম শ্ৰেণীৰ চাকৰিৰ লগতে ৫০লাখ টকাৰ পুৰস্কাৰ কথা ঘোষণা কৰে ৰাজ্য চৰকাৰে।

ৰাজ্যৰ ক্ৰীড়া বিভাগৰ ফালৰ পৰা এই ঘোষণা কৰিলে ক্ৰীড়ামন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে কেবিনেটত খেলজগতৰ বাবে বৃহত সিদ্ধান্ত লৈছিল ৰাজ্য চৰকাৰে।

অলিম্পিক, কমনৱেলথচ, এচিয়ান গেমচত পদক লাভ কৰা খেলুৱৈক প্ৰথম শ্ৰেণীৰ চাকৰি দিয়াৰ সিদ্ধান্ত লৈছিল চৰকাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *