আজি অৰুণাচললৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
অৰুণাচলত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব ৰাজ্যখনৰ প্ৰথমটো নৱনিৰ্মিত বিমান বন্দৰ।
প্ৰধানমন্ত্ৰী গৰাকীয়ে উদ্বোধন কৰিব ইটানগৰৰ নৱনিৰ্মীত ড’নি প’ল বিমান বন্দৰ।

ইতিমধ্যেই অৰুণাচলৰ ৰাজধানী ইটানগৰত সম্পূৰ্ণকৈ সজাই পৰাই তোলা হৈছে ড’নি প’ল বিমান বন্দৰটো।
উল্লেখ্য যে, বিমান বন্দৰটো ৬৯০ একৰতকৈও অধিক এলেকাত ৬৬৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে।
২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিছিল বিমানবন্দৰটোৰ।

বিমান বন্দৰটো প্ৰৱেশদ্বাৰখন অৰুণাচলৰ ৰাজ্যিক পক্ষীৰ আৰ্হিত বাঁহেৰে নিৰ্মাণ কৰা হৈছে। প্ৰৱেশদ্বাৰ খনৰ উচ্চতা ৩০ ফুট আৰু প্ৰস্থ ৮২ ফুট।
ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোডীয়ে ৬০০ মেগাৱাটৰ কামেং জলবিদ্যুৎ কেন্দ্ৰও উদ্বোধন কৰিব।

মুঠ ৮৪৫০ কোটি টকাৰ অধিক ব্যয়ত অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত ৮০ কিলোমিটাৰতকৈ এলেকাত নিৰ্মাণ কৰা হৈছে।









