ৰাস চাবলৈ গৈ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ৫ যুৱকলৈ শ্ৰদ্ধাঞ্জলি সহকৰ্মীৰ

নিউজ ডেস্ক। পথ দুৰ্ঘটনাত ৫ জনকৈ কৰ্মচাৰীক হেৰুৱালে কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ বাটৰহাট স্থিত এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে।

কিছুদিন পূৰ্বে মুকলি হােৱা ‘লাইফ চেভ হস্পিটেল’ নামৰ এই চিকিৎসালয়খনত কৰ্মৰত আছিল কালি নলবাৰীৰ বানেকুছিত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ৫ জন যুৱক।

17 11 22 Nalbari File pix car accident
B Photos

দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা এই যুৱককেইজন হ’ল তামুলপুৰৰ কেকেৰিকুছি গাঁৱৰ উৎপল শালৈ আৰু প্ৰণৱ শালৈ, মঙলদৈৰ বানেকুছি গাঁৱৰ অজিত চলিহা, সোণাপুৰৰ শংকৰ দাস, হাজোৰ দলৈতোলাৰ জায়েদুৰ ৰহমানৰ।

উল্লেখ্য যে এই চিকিৎসালয়ত কৰ্মৰত আঠজনীয়া যুৱকৰ দল এটা এ এছ ০১ বি জি ৫৯৯৫ নম্বৰৰ আৰ্টিগা বাহনখন ভাড়া লৈ হাউলীলৈ গৈছিল ৰাস চাবলৈ।

image 130
ৰাস চাবলৈ গৈ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ৫ যুৱকলৈ শ্ৰদ্ধাঞ্জলি সহকৰ্মীৰ 4

দলটোত আছিল ৰঙিয়াৰ সমীপৰ কেকেৰিকুছি গাঁৱৰ উৎপল শালৈ আৰু প্ৰণৱ শালৈ, মঙলদৈৰ বানেকুছি গাঁৱৰ অজিত চলিহা, সোণাপুৰৰ শংকৰ দাস, হাজোৰ দলৈতোলাৰ জায়েদুৰ ৰহমান আৰু বিজয়নগৰৰ অভিজিৎ কলিতা, সীমান্ত গগৈ, ইয়াজুৰ ৰহমান।

17 11 22 Nalbari Car Accident 2
UB Photos

হাউলীত ৰাস চাই পুৱতি নিশা উভতি অহাৰ পথত বানেকুছিৰ বুঢ়াদিয়া নৈৰ দলঙৰ পকী ৰেলিঙত প্রচণ্ড জোৰে খুন্দিয়াই চূর্ণ-বিচূর্ণ হৈ পৰে আৰ্টিগা বাহনখন।

এই দুৰ্ঘটনাত নিহত ৫ সহকৰ্মীক শ্ৰদ্ধাঞ্জলি জনায় ‘লাইফ চেভ হাস্পতাল’ৰ কৰ্তৃপক্ষৰ লগতে কৰ্মচাৰীসকলে।

লগতে মৃতক যুৱককেইজনৰ আত্মাৰ সদগতি কামনা কৰি তেওঁলােকৰ শােক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।