অৰুণাচল প্ৰদেশ

অৰুণাচল প্ৰদেশৰ সন্ধানহীন কিশোৰক ভাৰতীয় সেনাক হস্তান্তৰ কৰিলে চীনে…

অৱশেষত ১২ দিনৰ মূৰত অৰুণাচলৰ পৰা সন্ধানহীন হোৱা কিশোৰজনক মুকলি কৰি দিলে চীনা সৈন্যই।

অৰুণাচলৰ পৰা সন্ধানহীন হোৱা ১৯ বছৰীয়া অৰুণাচলী যুৱক মিৰাম তাৰাউনক ভাৰতীয় সেনাক হস্তান্তৰ কৰিলে চীনে।

FKGMz6-KUUAc-ZIFv

বৃহস্পতিবাৰে টুইটাৰযোগে এই কথা সদৰি কৰিছে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে।

লগতে স্বাস্থ্য পৰীক্ষাকে ধৰি যথাযথ প্ৰক্ৰিয়া অনুসৰণ কৰাৰ পিছত যুৱকজনক স্বগৃহলৈ যাবলৈ দিয়া হ’ব বুলিও সদৰি কৰে মন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে, ২৬ জানুৱাৰিত কিৰেন ৰিজিজুৱে টুইটযোগে জনাইছিল যে, চীনা সৈন্যই অতি শীঘ্ৰে অৰুণাচলৰ পৰা সন্ধানহীন হোৱা কিশোৰজনক মুকলি কৰি দিব।

FKGMz6-KUUAc-ZIFv

স্মৰ্তব্য যে, ১৭ জানুৱাৰিত ভাৰত-চীন সীমান্তৰ পৰা সন্ধানহীন হৈ আছিল ১৯ বছৰীয়া মিৰাম তাৰাউন।

চীনা সেনা বাহিনীয়ে বন্দী কৰা মিৰাম তাৰাউনৰ ঘৰ অৰুণাচলৰ উজনি চিয়াং জিলাৰ জিদো গাঁৱত।

Leave a Reply

Your email address will not be published. Required fields are marked *