ক’ভিডত আক্ৰান্ত কংগ্ৰেছ নেতা তথা লোকসভাৰ সাংসদ প্ৰদ্যুত বৰদলৈ…

ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি হৈছে ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

এইবাৰ ক’ভিডত আক্ৰান্ত হৈছে কংগ্ৰেছ নেতা তথা লোকসভাৰ সাংসদ প্ৰদ্যুত বৰদলৈ।

নগাঁৱৰ কংগ্ৰেছ সাংসদগৰাকীয়ে এক টুইটযোগে এই কথা প্ৰকাশ কৰিছে।

টুইটত সাংসদ বৰদলৈয়ে কয় যে চিকিৎসকসকলৰ পৰামৰ্শ অনুসৰি তেওঁ নিজকে আনৰ পৰা পৃথক কৰি ৰাখিছে।

বৰদলৈয়ে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে ক’ভিডৰ পৰীক্ষা কৰোৱাৰো আহ্বান জনাইছে।

বৰদলৈয়ে টুইটত কয় ‘মই কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছো। যদিও মই ভালে আছোঁ, তথাপি মই চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিজকে আইছ’লেচনত ৰাখিছো’

Leave a Comment