অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী, সাংসদ ক’ভিড-১৯ত আক্ৰান্ত

অসমৰ প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশতাে ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিড-১৯ৰ সংক্ৰমণ।

বিশেষকৈ দেশজুৰি ক’ভিড-১৯ৰ তৃতীয় ঢৌ অব্যাহত থকাৰ মাজতে ৰাজ্যখনতাে পৰিলক্ষিত হৈছে ইয়াৰ প্ৰভাৱ।

জানিব পৰা মতে, ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী চাওনা মীন আৰু লােকসভাৰ সাংসদ টাপিৰ গাওকে ধৰি বহু শীৰ্ষ প্ৰশাসনিক বিষয়া কোভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হৈছে।

টুইটাৰৰ জৰিয়তে উপ-মুখ্যমন্ত্ৰী চাওনা মীনে ক’ভিড-১৯ পজিটিভ হােৱা বুলি প্ৰকাশ কৰে।

তেওঁ কয় “মোৰ মৃদু লক্ষণ আছে কিন্তু আন কোনো সমস্যা অনুভৱ কৰা নাই। বিগত কিছুদিনত মােৰ সংস্পৰ্শলৈ অহা প্ৰতিজনকে মই নিজকে পৃথক কৰিবলৈ আৰু কোভিড-১৯ পৰীক্ষা সম্পন্ন কৰিবলৈ অনুৰােধ জনাইছাে”।

ইপিনে, লােকসভাৰ সাংসদ টাপিৰ গাও ক’ভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হৈছে।

উল্লেখ্য যে শেহতীয়াকৈ সংসদৰ ৪ শতাধিক কৰ্মচাৰীৰ উপৰি বহু সাংসদাে ক’ভিড-১৯ত আক্ৰান্ত হােৱা বুলি প্ৰকাশ পাইছে।

Leave a Comment