অসমঅসমীয়া

এতিয়া কংগ্রেছক ভোট দি লাভ নাইঃ অতুল বৰা

এতিয়া কংগ্ৰেছক ভোট দি লাভ নাই। -এই মন্তব্য অসম গণ পৰিষদৰ সভাপতি তথা অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাৰ।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি অতুল বৰাই কয় যে এতিয়া কংগ্ৰেছ আৰু নিৰ্দলীয়ৰ মাজত গোপন বুজাবুজি চলি আছে। কিন্তু নিৰ্বাচনত কংগ্রেছক ভোট দি লাভ নাই। সেয়া ৰাইজেও বুজি পাইছে।

অসমৰ ৰাইজে এতিয়া উন্নয়নৰ ৰাজনীতি বিচাৰে বুলি মন্তব্য কৰি মন্ত্ৰী অতুল বৰাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুদক্ষ নেতৃত্বৰে এতিয়া চৰকাৰে জনতাৰ বিশ্বাস জয় কৰিবলৈ সক্ষম হৈছে।

Atul-Bora-minister-of-Agriculture-Horticulture-and-Food-Processing-interact-with-children-in-a-child

আনহাতে পৌৰ সভাৰ নিৰ্বাচনত অগপ-বিজেপিয়ে মিত্ৰতাৰে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলিও ইংগিত প্ৰদান কৰে অতুল বৰাই।

আনহাতে অসম-নাগালেণ্ড সীমা সংঘাতক লৈ মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কম-বেছি পৰিমানে চুবুৰীয়া সকলো ৰাজ্যৰ সৈতে সীমাক লৈ সমস্যা আছে। কিন্তু নাগালেণ্ডৰ সৈতে অসমৰ এই সমস্যা কিছু বেছি। কিন্তু মুখ্যমন্ত্ৰী শৰ্মাৰ নেতৃত্বত সীমা সমস্যা সমাধানৰ প্ৰচেষ্টা হাতত লোৱা হৈছে।

দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত ইতিমধ্যে আলোচনাও চলিছে। অতি সোনকালে এই সীমা সমস্যা সমাধান হব বুলি আশা ব্যক্ত কৰে অতুল বৰাই।

ইফালে কোভিড পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অতুল বৰাই কয় যে সজাগ হৈ থাকিলে চিন্তাৰ কোনো কাৰণ নাই। বিহু পালন কৰিব লাগিব, কিন্তু তাৰ সমান্তৰালভাৱে কোভিড বিধিসমূহো মানি চলিব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *