অসমঅসমীয়া

দাগী অপৰাধী নহয়, গ্ৰেপ্তাৰৰ পাছত থানাৰ পৰা পলাল প্ৰধান শিক্ষক!

এইবাৰ আৰক্ষীৰ জিম্মাৰ পৰা পলাল এগৰাকী প্ৰধান শিক্ষক।

বিদ্যালয়ত ব্যাপক বিত্তীয় খেলিমেলি অভিযােগৰ পাছতে বিদ্যালয় পৰিদৰ্শকে দাখিল কৰাৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছিল খাইৰুল ইছলাম নামৰ পাথাৰকান্দিৰ আচিমিয়া ছিনিয়ৰ মাদ্ৰাছা (হাইস্কুল)ৰ প্ৰধান শিক্ষকগৰাকী।

পাথৰকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল প্ৰধান শিক্ষকজনক।

ইয়াৰ পিছত তেওঁক কৰিমগঞ্জ সদৰ আৰক্ষী থানালৈ স্থানান্তৰ কৰা হয়।

কিন্তু ৰহস্যজনকভাৱে প্ৰধান শিক্ষক খাইৰুল সদৰ আৰক্ষী থানাৰ পৰা পলাই যাবলৈ সক্ষম হয়।

জানিব পৰা মতে, জ্যেষ্ঠ আৰক্ষী বিষয়াই ইতিমধ্যে ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে উক্ত বিদ্যালয়খনত সৰ্বমুঠ ছয়জন শিক্ষাৰ্থীয়ে নাম ভৰ্তি কৰিছিল। কিন্তু প্ৰধান অধ্যাপক ফখৰুল ইছলামে ২৫ জন শিক্ষাৰ্থীয়ে নামভৰ্তি কৰা দেখুৱাইছিল।

ইয়াৰ পাছতে ২৫ জন শিক্ষাৰ্থীৰ নামত কিতাপ আৰু মধ্যাহ্ন ভোজন পুঁজিও লাভ কৰিছিল।

এই কথা ফাদিল হােৱাৰ পাছতে কৰিমগঞ্জৰ তদানীন্তন অতিৰিক্ত উপায়ুক্তই ঘটনাক লৈ তদন্ত কৰিছিল।

এই তদন্তৰ স্পষ্টভাৱে প্ৰকাশ পাইছিল প্ৰধান অধ্যাপক দুৰ্নীতিৰ তথ্য।

ইয়াৰ পাছতে বিদ্যালয় পৰিদৰ্শক পাথাৰকান্দিলৈ গৈ এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছিল।

NEWS DESK

Our NEWS DESK is a dedicated team of senior local reporters.

Leave a Reply

Your email address will not be published. Required fields are marked *