অহা বছৰৰ ভিতৰত সমাধান হ’ব অসম-অৰুণাচল প্ৰদেশৰ সীমা সমস্যাঃ অমিত শ্বাহ…

অহা বছৰৰ ভিতৰত সমাধান হ’ব অসম-অৰুণাচল প্ৰদেশৰ দীৰ্ঘদিনীয়া সীমা সমস্যা।

দুদিনীয়া কাৰ্যসূচীৰে অৰুণাচল প্ৰদেশত উপস্থিত হৈ এই মন্তব্য কৰিছে কেন্দ্ৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহে।

Image

অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ নৰোত্তম নগৰত ৰামকৃষ্ণ মিছন স্কুলৰ সোণালী জয়ন্তী উদযাপনৰ অনুষ্ঠানত ভাষণ দি অমিত শ্বাহে কয় যে, কেন্দ্ৰই অঞ্চলটোত শান্তি আৰু উন্নয়ন আনিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

Image

অমিত শ্বাহে লগতে কয়- অৰুণাচল প্ৰদেশ আৰু অসম চৰকাৰে আন্তঃৰাজ্যিক সীমা বিবাদৰ বন্ধুত্বপূৰ্ণ আৰু স্থায়ী সমাধানৰ বাবে কাম কৰি আছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে তিনিমুখী কাৰ্যসূচী প্ৰণয়ন কৰা হৈছে বুলি উল্লেখ কৰে।

Image

তেওঁ কয়- ‘প্ৰথমে আমি অঞ্চলটোৰ থলুৱা সংস্কৃতি আৰু ভাষা সংৰক্ষণ আৰু প্ৰসাৰ কৰিম। দ্বিতীয়তে, আমি উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাজত হোৱা সকলো বিবাদৰ অন্ত পেলাই ইয়াক বিদ্ৰোহমুক্ত কৰি তুলিব বিচাৰো আৰু তৃতীয়তে আমি আঠখন ৰাজ্যক দেশৰ আটাইতকৈ উন্নত ৰাজ্য হিচাপে গঢ়ি তুলিব বিচাৰো।’

‘উত্তৰ-পূবৰ যুৱক-যুৱতীসকলে এতিয়া বন্দুক আৰু পেট্ৰ’ল বোমা লগত নাৰাখে। তেওঁলোকে এতিয়া হাতত লেপটপ লৈ বিভিন্ন ষ্টাৰ্টআপ আৰম্ভ কৰিছে। এই অঞ্চলৰ উন্নয়নৰ পথ এনেদৰেই পৰিকল্পনা কৰিছে কেন্দ্ৰই’- অমিত শ্বাহ।

Leave a Comment