অসমীয়াৰাষ্ট্ৰীয়

ছদ্মবেশী মহিলা ISI এজেন্টৰ প্ৰেমত বন্দী ভাৰতীয় সৈনিক! যােগান ধৰিলে সেনাৰ বহু গােপন তথ্য, অৱশেষত গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ হানীট্ৰেপৰ বলি হৈ সেনা সম্পৰ্কীয় বহু গোপন নথি-পত্ৰ পাকিস্তানক যোগান ধৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী ভাৰতীয় সেনাৰ এগৰাকী জোৱানক।

বাতৰি অনুসৰি, এগৰাকী পাকিস্তানী আইএছআই এজেণ্টৰ প্ৰেমৰ জালত পৰি ভাৰতীয় সেনাৰ জোৱান প্ৰদীপ কুমাৰে ভাগ-বতৰা কৰিছিল সেনাৰ বহু গোপন তথ্য। ইফালে হানীট্ৰেপৰ আশংকাত জোৱানজনৰ ওপৰত সেনাৰ তৰফৰ পৰা নজৰ ৰখাৰ পিছতে পোহৰলৈ আহে এই ভয়ংকৰ কাণ্ড।

ৰাজস্থান ইণ্টেলিজেঞ্চৰ দ্বাৰা নিশ্চিত হোৱাৰ পিছত, প্ৰদীপ কুমাৰক ১৮ মে’ত যোধপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় আৰু জয়পুৰলৈ লৈ যোৱা হয়। তাৰ পিছতে চলোৱা জেৰাত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য। সেনা জোৱানজনে স্বীকাৰ কৰা মতে, তেওঁ সেনা কাৰ্যালয়ৰ বহু গোপন তথ্য মহিলাগৰাকীক প্ৰদান কৰিছিল।

আনহাতে অনুসন্ধানত পোহৰলৈ অহা মতে, উত্তৰাখণ্ডৰ ৰুৰকীৰ নিৱাসী ২৪ বৰ্ষীয় প্ৰদীপ কুমাৰে ৩ বছৰ পূৰ্বে ভাৰতীয় সেনাত যোগদান কৰিছিল। প্ৰশিক্ষণৰ পিছত, তেওঁ যোধপুৰত সেনাৰ অতি সংবেদনশীল ৰেজিমেণ্টত গানাৰ হিচাপে নিযুক্ত হৈছিল।

photo1653205975

প্ৰায় ৭ মাহ পূৰ্বে তেওঁ মোবাইলত এগৰাকী অজ্ঞাত মহিলাৰ পৰা ফোন লাভ কৰিছিল। মহিলাগৰাকীৰ পৰা সঘনাই ফোন পোৱাৰ পিছত প্ৰদীপ আৰু মহিলাগৰাকীৰ মাজত এক বন্ধুত্বৰ সম্পৰ্ক গঢ় লৈ উটে। নিজৰে মধ্যপ্ৰদেশৰ বাসিন্দা বুলি পৰিচয় দিয়া মহিলাগৰাকীয়ে বাংগালুৰৰ এটা মাল্টি-নেশ্যনেল কোম্পানীত কাম কৰি থকা বুলিও প্ৰদীপ কুমাৰ জনাইছিল।

লাহে লাহে মহিলাগৰাকীৰ প্ৰেমত পৰা সেনা জোৱান প্ৰদীপ কুমাৰে পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ কথা অমান্য কৰিব নোৱাৰি বহু গোপন তথ্য ভাগ বতৰা কৰা বুলি ইতিমধ্যে স্বীকাৰ কৰিছে। জোৱানজনে লগতে প্ৰকাশ কৰা মতে, মহিলাগৰাকীয়ে তেওঁক বিবাহৰো প্ৰস্তাৱ দিছিল। দুয়োজনে প্ৰায়ে ভিডিঅ’ কলযোগে কথা পাতিছিল আৰু দিল্লীত লগ হোৱাৰো সিদ্ধান্ত লৈছিল।

photo1653206044

ডিজি ইন্টেলিজেন্স উমেশ মিশ্ৰাই জানিবলৈ দিয়া মতে, পাকিস্তানী মহিলা এজেণ্টগৰাকীয়ে প্ৰদীপ কুমাৰক বিবাহৰ অজুহাতত সেনাৰ গোপনীয় নথিপত্ৰৰ ফটো বিচাৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছত, প্ৰদীপে সেনাৰ তেওঁৰ কাৰ্যালয়ৰ গোপন নথিৰ ফটো কেইবাবাৰো তুলি মহিলাগৰাকীলৈ প্ৰেৰণ কৰিছিল। সেনা জোৱানজনৰ ম’বাইল ফোন পৰীক্ষা কৰাৰ পিছত এই তথ্য নিশ্চিত কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *