অসম

পাৰ্কিং মাচুল আদায়ত নিষেধাজ্ঞা গুৱাহাটী পৌৰ নিগমৰ…

গুৱাহাটী মহানগৰীৰ শ্ব’পিং মল, চিনেমা হল আৰু বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানে পাৰ্কিঙৰ নামত মাচুল আদায় কৰাৰ বিৰুদ্ধে কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগম।

এতিয়াৰে পৰা পাৰ্কিং মাচুল আদায় কৰিব নোৱাৰিব ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহে।

উল্লেখ্য যে, মহানগৰীৰ একাংশ শ্ব’পিং মল, চিনেমা হল আৰু বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানে তেওঁলোকৰ প্ৰতিষ্ঠানলৈ অহা লোকৰ পৰা বাহন পাৰ্কিং কৰাৰ বাবদ মাচুল সংগ্ৰহ কৰে।

উক্ত অভিযোগৰ ভিত্তিত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই শণিবাৰে এক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।

image 53

পৌৰ নিগমৰ আয়ুক্তই জাৰি কৰা নিৰ্দেশনা অনুসৰি, শ্ব’পিং মল তথা ব্যৱসায়িক প্ৰতিষ্ঠানটোলৈ অহা লোকৰ পৰা সংশ্লিষ্ট প্ৰতিষ্ঠানে বাহন পাৰ্কিং কৰাৰ নামত কোনো ধৰণৰ মাচুল আদায় কৰিব নোৱাৰিব।

মাচুল আদায় কৰিলে আইনগতভাবে তেনে প্ৰতিষ্ঠানৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *