শক্তি বিভাগৰ বৃহৎ ঘোষণা! এইসকল পৰিয়ালে পাব বিদ্যুতৰ বিল ৰেহাই…

ৰাজ্যৰ শক্তি বিভাগৰ বৃহৎ ঘোষণা।

শক্তি বিভাগত খালী হৈ থকা বহুকেইটা পদত শীঘ্ৰেই দিয়া হ’ব নিযুক্তি।

শীঘ্ৰেই নিযুক্তি প্ৰদান কৰা হ’ব লিখিত পৰীক্ষা সম্পন্ন হোৱা ১৮৯৭টা খালী পদ।

ক্ষেত্ৰ সহায়ক, সহায়ক, চালক আদি পদত দিয়া হ’ব এই নিযুক্তি।

আনহাতে চাহ বাগিচাৰ শ্ৰমিকৰ অনাদায় বিলৰ অতিৰিক্ত মাচুল(সুত) ৰেহাই দিয়াৰ কথা ঘোষণা শক্তি বিভাগৰ।

১লাখ ৯৫ হাজাৰ শ্ৰমিকৰ বিদ্যুতৰ বিলৰ অতিৰিক্ত মাচুল ৰেহাইৰ ঘোষণা।

চাহ বাগিচাৰ শ্ৰমিকসকলে ১০টা সহজ কিস্তিত দিব পাৰিব অনাদায় বিল।

তদুপৰি ১১ লাখ ২১হাজাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ গ্ৰাহকৰ বিলৰ ক্ষেত্ৰত সম্পূৰ্ণ ৰেহাই ঘোষণা কৰা হৈছে।

Image

আনহাতে ৪লাখ ৮০ হাজাৰ পৰিয়ালক নতুনকৈ বিদ্যুৎ সংযোগ প্ৰদানৰ ঘোষণা।

কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ১৭১৮.১৮ কোটি টকাৰ অনুদানেৰে প্ৰদান কৰা হ’ব এই বিদ্যুৎ সংযোগ।

অসমৰ ৪৮৫৫৭টা অংগনৱাড়ী কেন্দ্ৰত বৈদ্যুতিকৰণৰ ব্যৱস্থা কৰাৰ লগতে ১৩৩২১ খন প্ৰাথমিক বিদ্যালয়ত কৰা হ’ব বিদ্যুৎ সংযোগ।

Leave a Comment