অগ্নিগৰ্ভা শ্বিলং, মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ পেট্ৰ’ল বোমা নিক্ষেপ, গৃহমন্ত্ৰীৰ পদত্যাগ…

অধিক উত্তপ্ত হৈ পৰিছে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ শ্বিলং।

 মেঘালয়ৰ উগ্ৰপন্থী সংগঠন HNLCৰ প্ৰাক্তন নেতা চেষ্টাৰফিল্ড থাংখিউক আৰক্ষীয়ে এনকাউণ্টাৰ কৰি হত্যা কৰাৰ পিছতে উত্তপ্ত হৈ পৰিছে মেঘালয়।

শুক্ৰবাৰে পুৱতি নিশা মেঘালয় আৰক্ষীয়ে নেতাগৰাকীক এনকাউণ্টাৰ কৰি হত্যা কৰিছিল।

শুকুৰবাবে HNLC ৰ নেতা চেষ্টাৰফিল্ড থাংখিউৰ মাউলাইৰ কিনটন মাছাৰত থকা বাসভৱনত আৰক্ষীয়ে তালাচী চলাবলৈ গৈছিল আৰু সেই সময়তে উগ্ৰপন্থী নেতাজনে চুৰীৰে আৰক্ষীক আক্ৰমণ কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল। 

ইয়াৰ পিছতে আৰক্ষীয়ে গুলীয়াই হত্যা কৰে নেতাজনক।

উক্ত হত্যাৰ পাছতে স্বাধীনতা দিৱসৰ দিনাই ৰাজপথলৈ শ শ লোক ওলাই আহি ক’লা পতাকা প্ৰদৰ্শন কৰে।

আনকি আৰক্ষীৰ গাড়ী হাইজেক কৰি জ্বলাই দিছিল দুৰ্বৃত্তই।

১৫ আগষ্টৰ সন্ধিয়া ৮ বজাৰ পৰা ১৭ আগষ্টৰ পুৱা ৫ বজালৈ সান্ধ্য আইনৰ লগতে ৰাজ্যখনৰ চাৰিখন জিলাত সম্পূৰ্ণ ৰূপে বাতিল কৰা হৈছে ইণ্টাৰনেট সেৱা।

তাৰ মাজতে ৰাজ্যখনৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখমন্ত্ৰী কনৰাড ছাংমালৈ পদত্যাগ পত্ৰ প্ৰেৰণ গৃহমন্ত্ৰী লাখমেন ৰিম্বুইৰ।

আনহাতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমাৰ বাসগৃহলৈ পেট্ৰ’ল বোমা নিক্ষেপ কৰে দুৰ্বৃত্তই।

অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে কনৰাড চাংমা।

Leave a Comment