অসম

শৰাইঘাট দলঙত ভয়ংকৰ দুৰ্ঘটনা! ৫০ ফুট তলত পৰিল বাহন, দুজনৰ মৃত্যু…

শৰাইঘাট দলঙত নিশা সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা।

শৰাইঘাট দলঙৰ ৰেলিঙত খুন্দিয়াই ৫০ফুট তলত পৰে এখন চুইফট বাহন।

দুৰ্ঘটনা থিতাতে নিহত দুগৰাকী লোক।

নিহত লোক দুজন ৰুমিজা বেগম (২৬) আৰু ফকৰুল ইছলাম (৩২) জানিব পৰা গৈছে৷

ছিপাঝাৰৰ মৰোৱাচুকীৰ পৰা গুৱাহাটী বিমানবন্দৰ অভিমুখী আছিল চুইফট বাহনখন।

দুৰ্ঘটনাত পতিত চুইফট বাহনখনৰ নম্বৰ হৈছে AS 01 BF 0380।

নিহত হোৱা লোক কেইজনৰ ঘৰ ছিপাঝাৰৰ মৰোৱাচুকীত বুলি জানিবলৈ পোৱা গৈছে।

অহা মাহত বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা আছিল নিহত দুয়োগৰাকীৰে।

সম্প্ৰতি মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰন কৰিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *