শােকাৱহ! বজ্ৰপাতত মৃত্যু ১৬ বৰযাত্ৰীৰ, আহত ৬

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। বজ্ৰপাত পৰি থিতাতে নিহত হল বৰযাত্ৰী হিচাপে যোৱা ১৬ জন লোক।

এই ঘটনা মংগলবাৰে সংঘটিত হয় বাংলাদেশৰ শিৱগঞ্জত।

জানিব পৰা মতে, মংগলবাৰে বাংলাদেশত কেইছেকেণ্ড মানৰ ভিতৰতে কেইবাটাও বজ্ৰপাতৰ ঘটনা সংঘটিত হয়।

ইয়াৰ ভিতৰত এইটোও আছিল অন্যতম। য’ত বিবাহৰ বৰযাত্ৰী থকা ঠাইত পৰে বজ্ৰপাত।

প্ৰশাসনৰ লোকে জনোৱা অনুসৰি, এটা বৰযাত্ৰীৰ দলে শিৱগঞ্জ নগৰৰ কাষৰ নদীৰ নাৱৰ পৰা নামি যোৱাৰ পিছতেই ধুমুহা বৰষুণ হয়।

সেয়েহে তেওঁলোকে সেই পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ নদীৰ কাষৰ এটা জিৰণি ঘৰলৈ যায়।

সেই সময়তে সেই ঠাইত বজ্ৰপাত পৰে। য’ত বৰ যাত্ৰী হিচাপে যোৱা ১৬ জন লোক থিতাতে নিহত হয়।

ঘটনাটোত দৰাই সামান্য পৰিমাণে আঘাত পায়। অৱশ্যে বৰযাত্ৰী দলটোৰ লগত নাছিল কইনা। সেয়েহে ৰক্ষা পৰে কইনা।

ঘটনাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু প্ৰশাসনৰ লোক। আৰু আৰম্ভ কৰে উদ্ধাৰ অভিযান।

Leave a Comment