নিউজ ডেস্কঃ পাকিস্তানৰ পৰা পৃথক হোৱাৰ দাবীৰে বেলুচিস্তানত দীৰ্ঘদিন ধৰি চলি থকা সশস্ত্ৰ সংগ্ৰামে এতিয়া ধাৰণ কৰিছে এক ভয়ংকৰ ৰূপ। বিদ্ৰোহী সংগঠন বেলুচ লিবাৰেচন আৰ্মীয়ে নিজৰ মাতৃভূমি ৰক্ষাৰ নামত পাকিস্তান চৰকাৰ আৰু সামৰিক বাহিনীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে চলাই আহিছে তীব্ৰ আক্ৰমণ। দেশখনৰ এই দীৰ্ঘদিনীয়া ভূ-ৰাজনৈতিক অস্থিৰতাৰ পৰিপ্ৰেক্ষিততেই শনিবাৰে পুৱাৰ পৰা বিদ্ৰোহীয়ে চলোৱা অপাৰেচন হেৰ’ফৰ ফলত পাকিস্তান সেনাৰ সৈতে আৰম্ভ হয় এক অভূতপূৰ্ব ৰক্তক্ষয়ী সংঘাত।
শনিবাৰে পুৱাৰে পৰা বিদ্ৰোহী সংগঠন বিএলএ আৰু পাকিস্তান সেনাৰ মাজত সংঘটিত হয় এই জঘন্য সামৰিক যুঁজ। বিদ্ৰোহীসকলে পাকিস্তান সেনাৰ চাউনী আৰু সামৰিক বাহনসমূহক লক্ষ্য কৰি ধাৰাবাহিক বিস্ফোৰণ আৰু গুলীচালনা কৰে। মাত্ৰ ১০ ৰ পৰা ১২ ঘণ্টাৰ ভিতৰতে বিএলএৰ যুঁজাৰুৱে ৮৪ জন পাক জোৱানক হত্যা কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সামৰিক শিবিৰ নিজৰ দখললৈ নিয়া বুলি দাবী কৰিছে। ইফালে, বিদ্ৰোহীৰ হাতত পাকিস্তান সেনাৰ ১৮ জন জোৱান বন্দী হোৱা বুলিও খবৰ পোৱা গৈছে।

বিএলএৰ মুখপাত্ৰ জীয়ান্দ বেলুচে সংবাদ মাধ্যমৰ বাবে জাৰি কৰা এক বিবৃতিত কয়, “আমাৰ যুঁজাৰুসকলে বেলুচিস্তানৰ ১৪ খন চহৰৰ ৪৮ ঠাইত একেলগে আক্ৰমণ চলাইছে। এই অভিযানত পাকিস্তান সেনা, আৰক্ষী আৰু চোৰাংচোৱা সংস্থাৰ ৮৪ জন জোৱান নিহত হৈছে আৰু ১৮ জনক জীৱন্তে আটক কৰি জিম্মাত ৰখা হৈছে।” তেওঁ লগতে দাবী কৰে যে বিদ্ৰোহীসকলে পাকিস্তান সেনাৰ কেন্দ্ৰীয় সামৰিক মুখ্য কাৰ্যালয়ত কব্জা কৰিছে আৰু সেনাক যাতায়তত সম্পূৰ্ণ বাধা প্ৰদান কৰিছে।

আনহাতে, পাকিস্তান সেনাই এই আক্ৰমণৰ প্ৰত্যুত্তৰ দি ৫০ জনৰো অধিক বিদ্ৰোহী যুঁজাৰুক হত্যা কৰাৰ বিপৰীত দাবী কৰে। বিএলএৰ মজিদ ব্ৰিগেডৰ সদস্যসকলে সামৰিক ঘাটিৰ ভিতৰত সোমাই আত্মঘাতী বিস্ফোৰণ ঘটোৱাৰ ফলত সমগ্ৰ অঞ্চলটোত এক যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে, ৩০ টাতকৈ অধিক চৰকাৰী অট্টালিকা আৰু বেংক বোমাৰে উৰুৱাই দিয়াৰ লগতে কোষ্টেল হাইৱেত হোৱা আক্ৰমণে পাকিস্তান চৰকাৰক পংগু কৰি পেলাইছে।
বিএলএৰ কমাণ্ডাৰ-ইন-চীফ বছিৰ জেব বেলুচে এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে বেলুচ জনসাধাৰণক সম্বোধন কৰি কয়, “এই সংগ্ৰাম কোনো এজন ব্যক্তিৰ নহয়, এয়া বেলুচিস্তানৰ স্বাধীনতাৰ যুদ্ধ। সকলো বেলুচ লোকে ঘৰৰ পৰা ওলাই আহি অপাৰেচন হেৰ’ফৰ অংশীদাৰ হওক।” বৰ্তমান বেলুচিস্তানৰ কেইবাখনো জিলাত দুয়োপক্ষৰ মাজত তুমুল সংঘৰ্ষ অব্যাহত থকাৰ বাবে সমগ্ৰ অঞ্চলটোত চৰম উত্তেজনাই বিৰাজ কৰিছে।









