পোহনীয়া কুকৰৰ মৰমেই হ’ল কাল! ভয়ংকৰ সংক্ৰমণত দুই হাত, দুই ভৰি হেৰুৱাবলগীয়া হ’ল এগৰাকী মহিলাই

নিউজ ডেস্কঃ পোহনীয়া কুকুৰৰ জিভাৰ লেহনৰ পৰাই দেহত বিয়পা এক মাৰাত্মক সংক্ৰমণৰ ফলত দুই হাত আৰু দুই ভৰি হেৰুৱাবলগীয়া হ’ল এগৰাকী ৫২ বৰ্ষীয় মহিলাই। ব্ৰিটেইনত সংঘটিত এই বিৰল অথচ ভয়ংকৰ চিকিৎসা বিজ্ঞানৰ ঘটনাই এতিয়া সমগ্ৰ বিশ্বতে পোহনীয়া পশুৰ সংস্পৰ্শ আৰু চাফ-চিকুণতাক লৈ নতুনকৈ সজাগতাৰ সৃষ্টি কৰিছে। কুকুৰৰ লালটিত থকা এক বিশেষ বেক্টেৰিয়া তেজত মিহলি হোৱাৰ বাবেই চেপচিছ নামৰ এক প্ৰাণঘাতী ৰোগত আক্ৰান্ত হয় ভাৰতীয় মূলৰ মনজিত সংঘা নামৰ মহিলাগৰাকী।

image 59
পোহনীয়া কুকৰৰ মৰমেই হ’ল কাল! ভয়ংকৰ সংক্ৰমণত দুই হাত, দুই ভৰি হেৰুৱাবলগীয়া হ’ল এগৰাকী মহিলাই 4

উল্লেখ্য যে, ২০২৫ চনৰ জুলাই মাহৰ এক সাধাৰণ সপ্তাহান্তত কৰ্মস্থলীত সামান্য অসুস্থ অনুভৱ কৰা মঞ্জিতক পিছদিনা পুৱা স্বামী কমলজিতে অচেতন অৱস্থাত উদ্ধাৰ কৰে। হস্পতালত ভৰ্তি কৰাৰ পাছতে চিকিৎসকে ধৰা পেলায় যে তেওঁৰ দেহত সংক্ৰমণৰ মাত্ৰা ইমানেই বাঢ়িছে যে তেওঁৰ হৃদযন্ত্ৰই ছয়বাৰকৈ কাম কৰা বন্ধ কৰে। চিকিৎসকৰ মতে, কুকুৰৰ মুখত পোৱা এক বিশেষ বেক্টেৰিয়া তেওঁৰ শৰীৰৰ কোনো সৰু কটা অংশৰে তেজত সোমাই পৰিছিল।

image 60
পোহনীয়া কুকৰৰ মৰমেই হ’ল কাল! ভয়ংকৰ সংক্ৰমণত দুই হাত, দুই ভৰি হেৰুৱাবলগীয়া হ’ল এগৰাকী মহিলাই 5

প্ৰায় ৩২ সপ্তাহ ধৰি হস্পতালৰ আইচিইউত মৃত্যুৰ সৈতে যুঁজ দিয়া মঞ্জিতৰ জীৱন ৰক্ষা কৰিবলৈ চিকিৎসকে দুই হাত আৰু আঠুলৈকে দুই ভৰি কাটি পেলাবলৈ বাধ্য হয়। ইয়াৰ উপৰি সংক্ৰমণ বিয়পি পৰাৰ বাবে তেওঁৰ প্লীহা অপসাৰণ কৰাৰ লগতে নিউমোনিয়া আৰু পিত্তৰ পাথৰৰ দৰে জটিলতাৰো সন্মুখীন হ’বলগীয়া হয়। চেপচিছ বা তেজত হোৱা এই বিষক্ৰিয়াই মঞ্জিতৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগসমূহ বিকল কৰি তুলিছিল।

image 61
পোহনীয়া কুকৰৰ মৰমেই হ’ল কাল! ভয়ংকৰ সংক্ৰমণত দুই হাত, দুই ভৰি হেৰুৱাবলগীয়া হ’ল এগৰাকী মহিলাই 6

বৰ্তমান কৃত্ৰিম অংগৰ সহায়ত পুনৰ স্বাভাৱিক জীৱনলৈ ঘূৰি আহিবলৈ চেষ্টা চলোৱা মঞ্জিত আৰু তেওঁৰ পৰিয়ালে আৰ্থিক সাহায্যৰ বাবে আবেদন জনাইছে। পোহনীয়া জন্তুৰ পৰা হোৱা সৰু আচোৰ বা কটা দাগকো আওকাণ নকৰিবলৈ তেওঁ সকলোকে সতৰ্ক কৰি দিছে। সামান্য গাফিলতিয়ে যে কেনেকৈ জীৱনটো সম্পূৰ্ণ সলনি কৰি দিব পাৰে, মঞ্জিত সংঘাৰ এই কৰুণ কাহিনী তাৰেই এক জীৱন্ত নিদৰ্শন।

Leave a Comment