ৰাছিয়াৰ সেনাত নিয়োজিত ভাৰতীয় যুৱকৰ গুলীবিদ্ধ হৈ মৃত্যু, বিমানেৰে স্বগৃহত উপস্থিত নশ্বৰ দেহ

নিউজ ডেস্কঃ পৰিয়ালৰ আৰ্থিক নাটনি দূৰ কৰিবলৈ সুদূৰ ৰাছিয়ালৈ যোৱা এজন ভাৰতীয় যুৱক এইবাৰ উভতি আহিল কফিনত আবদ্ধ হৈ। ৰাছিয়াৰ সেনাত কৰ্মৰত অৱস্থাত গুলীবিদ্ধ হৈ প্ৰাণ হেৰুওৱা উত্তৰ প্ৰদেশৰ ৰামপুৰ জিলাৰ যুৱক শাৱেদৰ মৃতদেহ শনিবাৰে দুপৰীয়া নিজ গৃহত উপস্থিত হোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। ৰাছিয়াৰ পৰা বিমানেৰে দিল্লী বিমানবন্দৰলৈ প্ৰেৰণ কৰা মৃতদেহটো তাৰ পৰাই পৰিয়ালৰ লোকে নিজ গাঁৱলৈ লৈ আহে।

ৰামপুৰ জিলাৰ স্ৱাৰ তহচিলৰ অন্তৰ্গত মচৱাচী অঞ্চলৰ ২২ বছৰীয়া যুৱক শাৱেদে প্ৰায় ন মাহ পূৰ্বে সংস্থাপনৰ আশাত ৰাছিয়ালৈ গৈছিল। পিতৃ দুলহে হাছানে গাখীৰ বিক্ৰী কৰি পৰিয়াল পোহপাল দিছিল যদিও আৰ্থিক অৱস্থা উন্নত নাছিল। সেইবাবেই শাৱেদে তাত ফাৰ্নিচাৰৰ কাম কৰিবলৈ গৈছিল যদিও মাত্ৰ দুমাহ পাছতেই তেওঁ ৰাছিয়াৰ সেনাত ভৰ্তি হয়। যোৱা বছৰৰ ১২ ছেপ্টেম্বৰত ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধত কৰ্তব্যৰত অৱস্থাত গুলীবিদ্ধ হৈ তেওঁৰ মৃত্যু ঘটে।

image 12
ৰাছিয়াৰ সেনাত নিয়োজিত ভাৰতীয় যুৱকৰ গুলীবিদ্ধ হৈ মৃত্যু, বিমানেৰে স্বগৃহত উপস্থিত নশ্বৰ দেহ 2

পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, শাৱেদক বলপূৰ্বকভাৱে ৰাছিয়াৰ সেনাত ভৰ্তি কৰা হৈছিল। তাৎপৰ্যপূৰ্ণভাৱে, মৃত্যুৰ প্ৰায় সাত মাহ পাছতহে যোৱা বৃহস্পতিবাৰে ৰাছিয়াৰ সেনাই ভাৰতীয় যুৱকজনৰ মৃত্যুৰ খবৰ পৰিয়ালক অৱগত কৰে। ইয়াৰ পাছতেই শনিবাৰে পুৱা তেওঁৰ নশ্বৰ দেহ ভাৰতলৈ প্ৰেৰণ কৰা হয়।

শনিবাৰে দুপৰীয়া মৃতদেহটো গাঁৱত উপস্থিত হোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। পৰিয়ালৰ মহিলাসকলৰ চিৎকাৰ আৰু আত্মীয়-স্বজনৰ ক্ৰন্দনে আকাশ-বতাহ কঁপাই তোলে। এজন উদীয়মান যুৱকৰ এনে অকাল মৃত্যুই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।

Leave a Comment