অসমীয়াআন্তঃৰাষ্ট্ৰীয়

পাকিস্তানত মহিলা ফিদায়েৰ ভয়ংকৰ আক্ৰমণ; বেলুচিস্তানত নিদ্ৰা হৰণ কৰিছে দুই যুৱতীয়ে

নিউজ ডেস্কঃ পাকিস্তানৰ সাৰ্বভৌমত্ব আৰু সামৰিক শক্তিৰ প্ৰতি এক চৰম প্ৰত্যাহ্বান কঢ়িয়াই আনিছে দুই মহিলা ফিদায়েৰ আত্মঘাতী আক্ৰমণে। বেলুচিস্তান লিবাৰেচন আৰ্মীৰ পৰিচালিত ‘অপাৰেচন হিৰফ ২.০’ৰ জৰিয়তে শেহতীয়াকৈ যি বিধ্বংসী হিংসাৰ জোৱাৰ উঠিল, তাৰ মূল কেন্দ্ৰবিন্দু হৈ পৰিছে ২৩ বছৰীয়া আছিফা মেংগল আৰু ২৪ বছৰীয়া হাৱা বালুচ। এই দুই যুৱতীয়ে নিজৰ স্বাভাৱিক জীৱন ত্যাগ কৰি বি এল এ-ৰ ‘মজিদ ব্ৰিগেড’ত যোগদান কৰি পাকিস্তানৰ চৰকাৰী কাৰ্যালয় আৰু সামৰিক ঘাটিসমূহৰ ওপৰত চলোৱা আত্মঘাতী আক্ৰমণে এতিয়া ইছলামাবাদৰ নিদ্ৰা হৰণ কৰিছে।

বেলুচিস্তানৰ কালাট, গুৱাডৰ, মাষ্টুং আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চলত চলি থকা এই ২৪ ঘণ্টীয়া হিংসাত্মক অভিযানত বি এল এ-ৰ বিদ্রোহীবোৰে আই এছ আইৰ সদৰ কাৰ্যালয় আৰু ফ্ৰণ্টিয়াৰ ক’ৰ্পছৰ ওপৰত ভয়াবহ আক্ৰমণ সংঘটিত কৰে। বিশেষকৈ ৩১ জানুৱাৰীত নিজৰ জন্ম চহৰ নোস্কিত আই এছ আইৰ কাৰ্যালয়ত গাড়ীৰ জৰিয়তে বোমা বিস্ফোৰণ ঘটাই আছিফাই পাকিস্তানৰ চোৰাংচোৱা বিভাগক স্তম্ভিত কৰি তোলে।

আনহাতে, কেচ জিলাৰ উদীয়মান লেখিকা হাৱা বালুচে নিজৰ পিতৃৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ এই ভয়ংকৰ পথ বাছি লয়।

এই ভয়ংকৰ সামৰিক সংঘৰ্ষত বি এল এ-ই এশৰো অধিক পাকিস্তানী সেনা জোৱানৰ মৃত্যু হোৱা বুলি দাবী কৰাৰ বিপৰীতে বেলুচিস্তানৰ মুখ্যমন্ত্ৰী ছৰফৰাজ বুগটিয়ে ১৪৫ জন বিদ্ৰোহীক নিৰ্মূল কৰা বুলি বিপৰীত দাবী কৰিছে। ৰাজপথ অৱৰোধ, গ্ৰেনেড আক্ৰমণ আৰু আত্মঘাতী বিস্ফোৰণেৰে উত্তাল হৈ পৰা এই প্ৰদেশখনত ৬০ ৰ পৰা ৭০ বছৰীয়া বৃদ্ধইও ফিদায়ে হিচাপে অংশগ্ৰহণ কৰা তথ্য পোহৰলৈ আহিছে।

শিক্ষানুষ্ঠানৰ পৰিৱৰ্তে যুদ্ধক্ষেত্ৰক বাছি লোৱা এই মহিলাসকলৰ উত্থানে পাকিস্তানৰ অশান্ত প্ৰদেশখনত এক গভীৰ সংকটৰ সংকেত দিছে। বৰ্তমানো আৰক্ষী থানা আৰু সামৰিক বাহিনীৰ লক্ষ্য কৰি চলোৱা এই আক্ৰমণসমূহৰ ভিডিঅ’ সামাজিক মাধ্যমত মুকলি কৰি বি এল এ-ই পাকিস্তান চৰকাৰৰ ওপৰত মানসিক চাপ বৃদ্ধি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *