নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ পাছতে পাহাৰত খুন্দা সামৰিক বিমানৰ! ২৯ জনৰ মৃত্যু

নিউজ ডেস্কঃ আন এক বিভীষিকাময় বিমান দুৰ্ঘটনাই কঁপাই গ’ল সমগ্ৰ বিশ্ব। ৰাছিয়াৰ ক্ৰিমিয়াত মঙলবাৰে সংঘটিত এক ভয়ংকৰ বিমান দুৰ্ঘটনাত নিহত হয় ২৯ গৰাকী লোক। কৃষ্ণ সাগৰীয় উপদ্বীপটোৰ ওপৰেৰে নিয়মিত উৰণৰ সময়তে এণ্টনভ-২৬ নামৰ বিমানখনৰ সৈতে নিয়ন্ত্ৰণ কক্ষৰ যোগাযোগ বিছিন্ন হয় আৰু ইয়াৰ পাছতে পাহাৰত খুন্দা মাৰি ভূপতিত হয় সামৰিক বিমানখন। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, এই শোকাৱহ ঘটনাত ২৩ জন যাত্ৰী আৰু ৬ জন বিমান কৰ্মীৰ এজনো জীৱিত বুলি খবৰ পোৱা নাই।

ৰাছিয়াৰ স্থানীয় সময় অনুসৰি সন্ধিয়া ৬ বজাত সংঘটিত এই দুৰ্ঘটনাটোৰ পাছত দুৰ্গম পাহাৰীয়া অঞ্চলত বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হয়। কৰ্তৃপক্ষই দাবী কৰা মতে, দুৰ্ঘটনাৰ পূৰ্বে বৈমানিকে কোনো ধৰণৰ বিপদকালীন সংকেত প্ৰেৰণ কৰা নাছিল। দুৰ্গম ভূখণ্ড আৰু প্ৰতিকূল পৰিৱেশৰ বাবে উদ্ধাৰকাৰী দলে মৃতদেহসমূহ উদ্ধাৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে।

image
নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ পাছতে পাহাৰত খুন্দা সামৰিক বিমানৰ! ২৯ জনৰ মৃত্যু 3

প্ৰাথমিক তদন্তত কোনো ধৰণৰ বহিঃশত্ৰুৰ আক্ৰমণৰ প্ৰমাণ পোৱা হোৱা নাই বুলি বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে। পৰিবহণ বিভাগৰ মতে, বিমানখনত দেখা দিয়া হঠাৎ প্ৰযুক্তিগত বিজুতিয়েই এই কৰুণ পৰিণতিৰ মূল কাৰণ হ’ব পাৰে। ছোভিয়েট যুগৰ পুৰণি এণ্টনভ-২৬ বিমানসমূহৰ সুৰক্ষাক লৈ বিশ্বজুৰি চিন্তাপ্ৰকাশ কৰি অহা হৈছে, যিহেতু শেহতীয়া কেইবছৰমানত এই বিশেষ শ্ৰেণীৰ বিমান কেইবাটাও ভয়াৱহ দুৰ্ঘটনাত জড়িত হৈ পৰিছে।

image 1
নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ পাছতে পাহাৰত খুন্দা সামৰিক বিমানৰ! ২৯ জনৰ মৃত্যু 4

২০১৪ চনত ৰাছিয়াই নিজৰ অধীনলৈ অনা ক্ৰিমিয়াৰ এই দুৰ্ঘটনাটোৱে এতিয়া সামৰিক বিমানসমূহৰ ৰক্ষণাবেক্ষণক লৈ নতুন প্ৰশ্নৰ অৱতাৰণা কৰিছে। ৰাছিয়া চৰকাৰে ইতিমধ্যে এই সন্দৰ্ভত এক উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ দিছে। তদন্তকাৰী দলে বিমানখনৰ কাৰিকৰী নথিপত্ৰ, সেই সময়ৰ বতৰ আৰু বিমান কৰ্মীসকলৰ মাজত হোৱা কথোপকথন পৰীক্ষা কৰি দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ উদঘাটন কৰাৰ চেষ্টা চলাইছে। সৈন্য কঢ়িয়াই নিয়াৰ সময়তে সংঘটিত এই শোকাৱহ ঘটনাই ৰাছিয়াৰ সামৰিক বাহিনীত গভীৰ শোকৰ ছাঁ পেলাইছে।

Leave a Comment