সীমাৰ শত্ৰুতা নেওচি ওমানত মানৱতাৰ জয়গান; দুই ভাৰতীয়ৰ প্ৰাণ ৰক্ষা পাকিস্তানী যুৱকৰ

নিউজ ডেস্কঃ ভাৰত আৰু পাকিস্তানৰ মাজত থকা দশকজোৰা তিক্ততাৰ ওচৰত হাৰ নমনা এক বিৰল মানৱতাৰ নিদৰ্শন প্ৰকাশ পাইছে ওমানত। উপসাগৰীয় দেশ ওমানৰ ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা সংহাৰী বানত জীৱন-মৃত্যুৰ সৈতে যুঁজি থকা দুজন ভাৰতীয়ৰ বাবে দেৱদূত হৈ থিয় দিলে শ্বাহজাদ খান নামৰ এজন পাকিস্তানী যুৱক।

তীব্ৰ সোঁতৰ মাজত আৱদ্ধ হৈ পৰা বাহন এখনৰ পৰা নিজৰ জীৱন তুচ্ছ কৰি ভাৰতীয় লোক দুজনক উদ্ধাৰ কৰা শ্বাহজাদ খানৰ এই সাহসিকতাই এতিয়া বিশ্বজুৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

image 57
সীমাৰ শত্ৰুতা নেওচি ওমানত মানৱতাৰ জয়গান; দুই ভাৰতীয়ৰ প্ৰাণ ৰক্ষা পাকিস্তানী যুৱকৰ 4

যোৱা দেওবাৰে ওমানৰ কেইবাটো অঞ্চলত হোৱা প্ৰবল বৰষুণৰ ফলত নদ-নদীসমূহ উপচি পৰাৰ লগতে জনপদসমূহ বানৰ কবলত পৰে। এই দুৰ্যোগৰ মাজতে এখন বাহনে একাংশ লোকক লৈ পানীৰ মাজেৰে পাৰ হ’বলৈ চেষ্টা কৰোঁতে নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ সোঁতত আৱদ্ধ হৈ পৰে।

ইয়াৰ পাছতে পাকিস্তানৰ খাইবাৰ পখতুনখোৱাৰ নিবাসী তথা বৰ্তমান ওমানত শ্ৰমিক হিচাপে কৰ্মৰত ২৫ বছৰীয়া শ্বাহজাদ খানে পানীৰ মাজত আবদ্ধ লোককেইজনৰ আৰ্তনাদ শুনি শ শ লোকৰ উপস্থিতিতে নদীত জঁপিয়াই পৰে। বহু লোকে মোবাইলত ভিডিঅ’ তোলাত ব্যস্ত থকাৰ বিপৰীতে শ্বাহজাদে কথমপি ডুব যোৱাৰ পৰা বাচি থকা বাহনখনৰ ওপৰত উঠি শিলৰ সহায়ত কাঁচ ভাঙি আৱদ্ধ যাত্ৰীদ্বয়ক সুৰক্ষিতভাৱে উলিয়াই আনে।

image 58
সীমাৰ শত্ৰুতা নেওচি ওমানত মানৱতাৰ জয়গান; দুই ভাৰতীয়ৰ প্ৰাণ ৰক্ষা পাকিস্তানী যুৱকৰ 5

এই শিহৰণকাৰী উদ্ধাৰ অভিযানৰ সন্দৰ্ভত শ্বাহজাদ খানে কয়, “মই সেই মুহূৰ্তত ৰাষ্ট্ৰীয়তা বা ধৰ্মৰ কথা একো চিন্তা কৰা নাছিলোঁ। মই কেৱল বিপদত পৰা মানুহক দেখিছিলোঁ। এজন ডুব গৈছিল আৰু আনজনেও পানীত ককবকাই আছিল। বাহনখন ইতিমধ্যে আধা পানীত ডুবি গৈছিল।”

image 59
সীমাৰ শত্ৰুতা নেওচি ওমানত মানৱতাৰ জয়গান; দুই ভাৰতীয়ৰ প্ৰাণ ৰক্ষা পাকিস্তানী যুৱকৰ 6

ঘটনাৰ এজন প্ৰত্যক্ষদৰ্শীয়ে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি কয়, “পানীৰ সোঁত অতি তীব্ৰ আছিল। হঠাতে আমি এখন বাহন পানীয়ে উটুৱাই নিয়া দেখিবলৈ পালোঁ। ঠিক তাৰ পাছৰ মুহূৰ্ততে শ্বাহজাদে সেই ফালে দৌৰি গৈছিল।”

উল্লেখ্য যে ওমানৰ এই বানত ইতিমধ্যে ১০ জন লোকে প্ৰাণ হেৰুৱাইছে যদিও শ্বাহজাদৰ দৰে যুৱকৰ বাবে নতুন জীৱন লাভ কৰিলে দুই ভাৰতীয়ই।

Leave a Comment