ভয়ংকৰ বিমান দুৰ্ঘটনা! প্ৰাণ হেৰুৱালে এইগৰাকী জনপ্ৰিয় গায়িকাই…

এক ভয়ংকৰ বিমান দুৰ্ঘটনা।

দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ব্ৰাজিলৰ অতিকৈ জনপ্ৰিয় কন্ঠশিল্পী মাৰিলিয়া মেণ্ডৌকাই।

ব্যক্তিগত এখন বিমানত যাত্ৰা কৰি থকাৰ সময়তে এই শোকাৱহ ঘটনা সংঘটিত হয়।

উল্লেখ কৰা প্ৰয়োজন যে, গ্ৰেমী এৱাৰ্ডৰ দৰে পুৰস্কাৰো লাভ কৰিছিল মাৰিলিয়া মেণ্ডৌকাই।

এই দুৰ্ঘটনাত মাৰিলিয়া মেণ্ডৌকাৰ লগতে মৃত্যু হৈছে বিমানখনৰ দুজন পাইলটৰো।

২৬ বছৰীয়া শিল্পীগৰাকীয়ে শুকুৰবাৰে নিশা এটা সংগীত অনুষ্ঠানত গীত পৰিৱেশন কৰাৰ কথা আছিল।

ব্ৰাজিলৰ কাৰিঙ্গা নামৰ এখন গাঁৱত সংঘটিত হৈছিল এই দুৰ্ঘটনাটো।

এই অঞ্চলটোতে এক বিশাল সংগীতানুষ্ঠানত অংশ লোৱাৰ কথা আছিল মাৰিলিয়া মেণ্ডৌকাই।

ব্ৰাজিলৰ পৰম্পৰাগত সংগীতৰ ক্ষেত্ৰত বিশেষভাৱে দখল থকা মাৰিলিয়া মেণ্ডৌকাৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ ব্ৰাজিলত।

লগতে চাওকঃ ফটকাৰ মােনা লৈ স্কুটিত উঠি ঘৰমুৱা যাত্ৰা পিতা-পুত্ৰৰ, ঘটিল শােকাৱহ ঘটনা

Leave a Comment