বিক্ৰী হ’বলৈ ওলাইছে পৃথিৱীৰ আটাইতকৈ ‘লেতেৰা’ ঘৰটো, ফটো দেখিলে আচৰিত হ’ব আপুনিও…

ইউকে (United Kingdom)ৰ ডেভন (Devon)ৰ প্লাইমথৰ এটা ঘৰ বিক্ৰী কৰিবলৈ সাজু হৈছে।

যদিও বহুতো ঘৰ বিক্ৰী হয় কিন্তু এই ঘৰটো বিক্ৰীৰ আলোচনাৰ কাৰণ অতি বিশেষ।

দৰাচলতে, এই ঘৰটোৰ আলোচনা তাত জমা হোৱা আৱৰ্জনাৰ বাবে।

দ্য মিৰ’ৰত দিয়া এক প্ৰতিবেদন অনুসৰি, মানুহে ইয়াক পৃথিৱীৰ আটাইতকৈ লেতেৰা ঘৰ বুলি অভিহিত কৰিছে।

এই ঘৰটো কেইবাবছৰৰ পৰা খালী হৈ আছে আৰু ইয়াক এতিয়া বিক্ৰী কৰা হ’ব।

এই ঘৰটো চাফ-চিকুন নকৰাকৈয়ে বিক্ৰী কৰাৰ বাবে বিজ্ঞাপন দিছে।

home

অৰ্থাৎ এই ঘৰটো যিয়ে ক্ৰয় কৰিব তেওঁ ঘৰটোৰ লগতে ১৩ বছৰ ধৰি জমা হৈ থকা জাবৰ জোথৰ খিনিও লব লাগিব।

আপোনালোকক জনাও যে এই ঘৰটো মূলতঃ এজন বৃদ্ধ দম্পতী আৰু তেওঁলোকৰ পুত্ৰৰ আছিল।

ঘৰটোৰ অৱস্থালৈ লক্ষ্য কৰি অনুমান কৰা হৈছে যে বৃদ্ধ পিতৃ-মাতৃ দুয়োৰে মৃত্যু হৈছিল আৰু ঘৰৰ বাহিৰত বাস কৰা পুত্ৰই ঘৰটোৰ ভৰণ-পোষণ কৰিব পৰা নাছিল। গতিকে তেওঁ ইমান বেয়া অৱস্থাত এই ঘৰটো এৰি গৈছিল।

এটা শোৱনি কোঠাৰ মজিয়াত ধ্বংসাৱশেষৰ মাজত এখন বাতৰি কাকত পৰি থকা দেখা গৈছিল যিখন ২০০৮ চনৰ ডিচেম্বৰৰ। এইটোৱে প্ৰমাণ কৰে যে ঘৰটো বহু বছৰ ধৰি বিশৃংখল হৈ আছে।

পাকঘৰটো বহু বছৰৰ পৰা বাচন-বৰ্তন পৰি আছে। অৰ্থাত ১৩ বছৰ আগতে ব্যৱহাৰ কৰা বাচন নুধুৱা অৱস্থাতে পৰি ৰৈছে। আনকি টেবুলৰ ওপৰত খাদ্যও পৰি ৰৈছে।

%E0%A6%AA

ঘৰৰ ভিতৰৰ চিৰিবোৰত ইমান আৱৰ্জনা আছে যে এনেকুৱা লাগিছে যেন গোটেই চহৰখনৰ আৱৰ্জনা।

এইটো বিশ্বাস কৰা হয় যে এই আৱৰ্জনাখিনি যোৱা ১৩ বছৰ ধৰি ইয়াত বিয়পি পৰি আছে।

Leave a Comment