প্ৰতিশােধ! আফগানিস্তানত ISIS ৰ বিৰুদ্ধে ড্ৰােন আক্ৰমণ মাৰ্কিন সেনা বাহিনীৰ

নিউজ ডেস্ক। এইবাৰ আক্ৰমণৰ প্রত্যাক্রমণ। কাবুলত ইছলামিক ষ্টেটৰ বিস্ফোৰণৰ ৩৬ ঘণ্টাৰ ভিতৰতেই আফগানিস্তানত আক্ৰমণ চলালে মাৰ্কিন সেনা বাহিনীয়ে।

খবৰ অনুসৰি, আফগানিস্তানৰ নানাগহৰ উপত্যকাত থকা আইছিছৰ ঘাটিত আক্ৰমণ চলায় মাৰ্কিন সেনাই। কোনো পূৰ্ব সংকেত প্ৰদান নকৰাকৈ অতৰ্কিতে আক্ৰমণ কৰে সেনাই।

সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, ইছলামিক ষ্টেটৰ সদস্যক চিনাক্ত কৰি ড্ৰ’ন আক্ৰমণ চলায় মাৰ্কিন সেনাই।

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চেণ্ট্ৰেল কামাণ্ডৰ কেপ্টেইন বিল আৰবানে জনায় যে, “আমাৰ এই এয়াৰ ষ্ট্ৰাইকৰ বেলেগ কোনো নাম নাছিল। আমি আক্ৰমণ চলাইছিলো আফগানিস্তানৰ নানাগহৰ প্রদেশত। প্ৰাথমিকভাৱে যি খবৰ আহিছে সেই অনুসৰি আমাৰ লক্ষ্যত সফল হৈছো। কোনো সাধাৰণ জনতাৰ যে মৃত্যু হোৱা নাই সেইয়া নিশ্চিত।”

উল্লেখ্য যে বহু দেশৰ পূৰ্ব আশংকা সত্য কৰি যোৱা ২৬ আগষ্টৰ সন্ধিয়া কাবুল বিমানবন্দৰত দুটা আত্মঘাতী বোমা বিস্ফোৰণ সংঘটিত হয়। য’ত ১০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল।

ইয়াৰোপৰি প্ৰায় ১৩ জন মাৰ্কিন সেনাও বিস্ফোৰণত নিহত হৈছিল। যিটো ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছিল ইছলামিক ষ্টেটে।

অৱশ্যে তালিবানে এক বিবৃতি প্ৰকাশ কৰি সেই ঘটনাত তালিবানৰ কোনো হাত নাই বুলি জানিবলৈ দিছিল। ইয়াৰ পিছতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এই ঘটনাৰ প্ৰত্যুত্তৰ দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। তেওঁ পেণ্টাগনক সাজু হ’বলৈ নিৰ্দেশ দিছিল। আৰু তাৰ পিছতেই এই প্রত্যাক্রমন কৰে মাৰ্কিন সেনাই।

সূত্ৰ অনুসৰি, অহা তিনিদিনৰ ভিতৰত আফগানিস্তান এৰিব মাৰ্কিন সেনা আৰু নাগৰিকে। আৰু তাৰ পিছতেই তালিবানে দাখিল কৰিব কাবুল বিমানবন্দৰ।

Leave a Comment