চীনত প্ৰযোজ্য হ’ল ৩ সন্তান নীতি, দম্পতীলৈ আৰ্থিক সাহায্য প্ৰদানৰ ঘােষণা

নিউজ ডেস্ক। চীন চৰকাৰে দেশখনত হ্ৰাস পোৱা যুৱ জনসংখ্যা আৰু বৰ্ধিত বৃদ্ধ জনসংখ্যাৰ বাবে চিন্তিত হৈ পৰিছে। সেয়েহে বেইজিঙে এই সন্দৰ্ভত গ্ৰহণ কৰিছে এক তাৎক্ষণিক পদক্ষেপ।

সেই অনুসৰি শুকুৰবাৰে চীনৰ ৰাষ্ট্ৰীয় আইনসভাই শাসনাধিষ্ঠিত কমিউনিষ্ট পাৰ্টিৰ দ্বাৰা অনা তিনিসন্তান নীতিক আনুষ্ঠানিকভাৱে সমৰ্থন কৰে।

এই নীতিৰ উদ্দেশ্য হৈছে পৃথিৱীৰ আটাইতকৈ জনবহুল দেশখনত দ্ৰুতগতিত হ্ৰাস হোৱা জন্মহাৰ নিয়ন্ত্ৰণ কৰা।

চীনে শেহতীয়াকৈ দেশখনৰ জনসংখ্যা প্ৰতিবেদন প্ৰকাশ কৰিছে, য’ত যুৱ জনসংখ্যা হ্ৰাস পোৱাৰ কথা প্ৰতিবেদনত উল্লেখ আছে।

জানিব পৰা মতে, নেচনেল পিপলছ কংগ্ৰেছৰ স্থায়ী সমিতিয়ে সংশোধিত জনসংখ্যা আৰু পৰিয়াল পৰিকল্পনা আইন গৃহীত কৰে। ই চীনা দম্পতীসকলক তিনিটালৈকে সন্তান জন্ম দিবলৈ অনুমতি দিয়ে।

চীনত বৰ্ধিত মুদ্ৰাস্ফীতিৰ বাবে দম্পতীসকলৰ সন্তান কম হৈছে। সেয়েহে আইনখনে এই উদ্বেগৰ মোকাবিলা কৰিবলৈ অধিক সামাজিক আৰু অৰ্থনৈতিক সহযোগিতাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে।

চৰকাৰী বাতৰি কাকত চাইনা ডেইলীৰ মতে, নতুন আইনখনে পৰিয়ালৰ বোজা হ্ৰাস কৰাৰ লগতে শিশুৰ প্ৰতিপালন আৰু শিক্ষাৰ ব্যয় হ্ৰাস কৰাৰ বাবে বিত্ত, কৰ, বীমা, শিক্ষা, আৱাস আৰু নিযুক্তি সম্পৰ্কীয় সহযোগিতামূলক পদক্ষেপ গ্ৰহণ কৰিব।

উল্লেখ্য যে এই বছৰৰ মে’ মাহত ক্ষমতাসীন চীনৰ কমিউনিষ্ট পাৰ্টিয়ে দুটা সন্তানৰ কঠোৰ নীতি শিথিল কৰে। যাৰ ফলত সকলো দম্পতীয়ে তিনিটালৈকে সন্তান জন্ম দিব পাৰে।

চীনে এক দশক পুৰণি এক সন্তান নীতি প্ৰত্যাহাৰ কৰে আৰু ২০১৬ চনত সকলো দম্পতীক দুটা সন্তান জন্ম দিবলৈ অনুমতি দিয়ে।

নীতি নিৰ্মাতাসকলে দেশৰ জনগাঁথনিগত সংকটৰ মোকাবিলা কৰাৰ বাবে এক সন্তান নীতিক দোষাৰোপ কৰিছিল। চীনা বিষয়াসকলে কৈছিল যে এক সন্তান নীতিয়ে তিনি দশকত ৪০০ নিযুত শিশুৰ জন্ম হোৱাত হেঙাৰ হিচাপে থিয় দিছিল।

প্ৰণিধানযোগ্য যে চীনত এই মাহত ১০ বছৰৰ মূৰত লোকপিয়লৰ প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল। আৰু সেই প্ৰতিবেদনৰ ভিত্তিতে তিনি সন্তান জন্ম দিয়াৰ অনুমতি প্ৰদান কৰিছে।

এই প্ৰতিবেদনে ইয়াকে নিশ্চিত কৰি দিয়ে যে চীনৰ জনসংখ্যা অতি লেহেম গতিত বৃদ্ধি পাইছে। বিভাগীয় বিষয়াসকলে উদ্বেগ প্ৰকাশ কৰিছে যে অহা বছৰৰ আৰম্ভণিৰ পৰা জনসংখ্যা অধিক দ্ৰুতগতিত হ্ৰাস হ’ব পাৰে।

নতুন লোকপিয়লৰ তথ্যই দেখুৱাইছে যে চীনত ইয়াৰ জনগাঁথনিগত সংকট গভীৰ কৰিব বুলি আশা কৰা হৈছে। কিয়নো দেশখনত ৬০ বছৰতকৈ অধিক লোকৰ জনসংখ্যা ২৬৪ নিযুতলৈ বৃদ্ধি হৈছে। যি বিগত বছৰৰ তুলনাত ১৮.৭ শতাংশলৈ বৃদ্ধি পায়।

Leave a Comment