fbpx
আন্তঃৰাষ্ট্ৰীয়

এভাৰেষ্টৰ শিখৰত চাহ মেল! গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত এই অনন্য অভিলেখ…

আড্ডা হওক বা তৰ্ক-বিতৰ্ক। সুখ হওক বা দুখ। সদায়েই প্ৰয়োজন একাপ চাহ। গৰম চাহত চুমুক দি ভাল নোপোৱা মানুহ হয়তো এই পৃথিৱীত খুব কমেই ওলাব। সেয়ে চাহৰ জনপ্ৰিয়তা আজিও খুবেই বেছি। কিন্তু আপুনি জানেনে পৃথিৱীৰ সৰ্বোচ্ছ চাহ মেলখন ক’ত বহিছিল? গিনিজ বুকতো স্থান লাভ কৰা এই সৰ্বোচ্ছ চাহ মেলখনৰ বিষয়ে জানিলে আপুনিও আচৰিত হব।

দৰাচলতে ২০২১ চনত দ্বিতীয়বাৰৰ বাবে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হয় আমেৰিকান পৰ্বতাৰোহী এণ্ড্ৰিউ হিউ আৰু তেওঁৰ সতীৰ্থসকলে। ইয়াৰ পূৰ্বে তেওঁ ২০১৯ চনতো এবাৰ এভাৰেষ্টৰ শিখৰ চুমিছিল যদিও প্ৰথমবাৰতকৈ তেওঁৰ দ্বিতীয়বাৰৰ এভাৰেষ্ট যাত্ৰা আছিল অধিক কষ্টকৰ।

বিশ্বব্যাপী আতংকৰ সৃষ্টি কৰা কোভিড মহামাৰীৰ মাজতে তেওঁ গ্ৰহণ কৰিছিল এভাৰেষ্ট জয় কৰাৰ সিদ্ধান্ত। কিন্তু সেয়া কৰিবলৈ তেওঁ মানি চলিবলগা হৈছিল কোভিড প্ৰটক’ল। নিজৰ সতীৰ্থৰ সৈতেই তেওঁ দূৰত্ব বৰ্তাই ৰাখিবলৈ বাধ্য হৈছিল। অশেষ কষ্ট আৰু প্ৰাকৃতিক দুৰ্যোগত প্ৰত্যাহ্বান জনাই হলেও তেওঁ পুনৰ এবাৰ শ্বেৰপা আৰু চমৰি গাইডৰ সহযোগত খম্বু
আইছফল পাৰ হৈ এভাৰেষ্ট জয় কৰে।

এণ্ড্ৰিউৱে ২০২১ চনত অভিযানৰ সময়ত এভাৰেষ্টৰ দ্বিতীয় বেচকেম্পত এটা টি পাৰ্টিৰ আয়োজন কৰে। এণ্ড্ৰিউ আৰু তেওঁৰ সহযাত্ৰীসকলে শুভ্ৰ বৰফৰে আবৃত এভাৰেষ্টৰ শীৰ্ষত বহি গৰম চাহৰ কাপত চুমুক দিয়ে। চাহৰ সৈতে তেওঁলোকে জলপানৰো আয়োজন কৰে। এণ্ড্ৰিউ হিউ আৰু তেওঁৰ সহযাত্ৰীসকলৰ এই চাহৰ ৰোমাঞ্চকৰ অভিজ্ঞতাই ‘পৃথিৱীৰ আটাইতকৈ ওখ চাহ মেল’ৰ গিনিছ ৱৰ্ল্ড ৰেকৰ্ডতো স্থান লাভ কৰিছে।

এণ্ড্ৰিউৱে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত ‘বিশ্বৰ আটাইতকৈ ওখ চাহ মেল’ হিচাপে স্থান পোৱাৰ পিছত ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰে। কোভিড কালত তেওঁ দ্বিতীয়বাৰ এভাৰেষ্ট আৰোহণ কিৰবলৈ কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল সেই কথা ছ’চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিছে এণ্ড্ৰিউ হিউৱে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!