লোমহৰ্ষক! স্বামীৰ সৈতে লাইভ শ্ব’ত কলা প্ৰদৰ্শনৰ সময়তে ৩০ ফুট উচ্চতাৰ পৰা সৰি মৃত্যু মহিলা এক্ৰ’বেটৰ, ভাইৰেল ভিডিঅ’…

নিউজ ডেস্কঃ লাইভ শ্ব’ত স্বামীৰ সৈতে কলা প্ৰদৰ্শনৰ সময়তে ওপৰৰ পৰা সৰি মৃত্যু মহিলা এক্ৰ’বেটৰ, ভাইৰেল ভিডিঅ’…

নিউজ ডেস্কঃ স্বামীৰ সৈতে লাইভ শ্ব’ত কলা প্ৰদৰ্শনৰ সময়তে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিলে এগৰাকী মহিলা এক্ৰ’বেটে।

কলা প্ৰদৰ্শনৰ সময়ত হোৱা ভুলৰ বাবেই ৩০ ফুট উচ্চতাৰ পৰা তললৈ সৰি পৰি মৃত্যু ঘটে মহিলাগৰাকীৰ।

চীনৰ মধ্য আনহুই প্ৰদেশৰ ছঝৌ চহৰত সংঘটিত এই ভয়ংকৰ ঘটনাৰ এটা লোমহৰ্ষক ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

বাতৰি অনুসৰি, ছান উপাধিৰ দম্পতীহালে এটা চাৰ্কাছৰ সৈতে ফ্লাইং-ট্ৰেপেজ প্ৰদৰ্শন কৰি আহিছিল।

ছুজৌ চহৰত দম্পতীহালে পূৰ্বৰ দৰেই ষ্টাণ্ট প্ৰদৰ্শন কৰে যদিও শূণ্যত ষ্টাণ্ট ভুল হোৱাৰ বাবে ৩০ ফুট উচ্চতাৰ পৰা তললৈ সৰি পৰে মহিলা এক্ৰ’বেটগৰাকী।

এই ঘটনাত গুৰুতৰভাৱে আহত মহিলাগৰাকীক লগে লগে হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

ইফালে চীনৰ দ্য পেপাৰৰ মতে, এই কলা প্ৰদৰ্শনৰ পূৰ্বে দম্পতীহালৰ মাজত কিছু মতানৈক্য ঘটিছিল।

যাৰ বাবে মহিলাগৰাকীয়ে কলা প্ৰদৰ্শনৰ সময়ত ছেফটি বেল্ট পৰিধান কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু তেনেকৈ কলা প্ৰদৰ্শন কৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়।