নিউড ডেস্কঃ বহিঃৰাষ্ট্ৰত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত অকাল মৃত্যুক সাৱটিলে এগৰাকী প্ৰৱাসী ভাৰতীয় দম্পতীসহ ১০ জনকৈ।
ডুবাইৰ ডেইৰা বুৰ্জ মুৰাৰাত শনিবাৰে এটা আৱাসিক অট্টালিকাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুৱায় আন দুগৰাকী ভাৰতীয়ইও।
নিহত ভাৰতীয় দম্পতীহালক কেৰালাৰ মালাপ্পুৰমৰ ভেংগাৰাৰ নিৱাসী ৰিজেশ (৩৮) আৰু তেওঁৰ পত্নী জিশী (৩২) বুলি চিনাক্ত কৰা হৈছে।
অগ্নিকাণ্ডত নিহত আন দুগৰাকী ভাৰতীয় হৈছে তামিলনাডুৰ নিৱাসী আব্দুল খাদৰ আৰু ছালিয়াকুণ্ড।
জানিব পৰা মতে, শনিবাৰে দুপৰীতে অট্টালিকাটোৰ চতুৰ্থ মহলাত নিৰ্মাণকাৰ্য চলি থকা এখন চুপাৰ মাৰ্কেটত সংঘটিত হয় অগ্নিকাণ্ড।
বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
অগ্নিকাণ্ড সংঘটিত হোৱা অট্টালিকাটোৰে চতুৰ্থ মহলাত বাস কৰিছিল ভাৰতীয় দম্পতীহালে।
জানিব পৰা মতে, ৰিজেশে ডুবাইৰ এটা ট্ৰেভেল এজেন্সীত কৰ্মৰত হৈ থকাৰ বিপৰীতে পত্নী জিশী শিক্ষকতাৰ সৈতে জড়িত আছিল।