অনুপ্ৰৱেশ, নিষিদ্ধ সামগ্ৰীৰ বেহাৰ বিৰুদ্ধে অহৰ্নিশে তৎপৰ ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনীৰ (BSF) জােৱান

ভাৰত-বাংলা সীমান্তৰ পৰা হনী ঝাঁঝৰী

সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএছফৰ জােৱানসকল ভাৰত-বাংলাদেশৰ মাজত থকা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অতন্দ্ৰ প্ৰহৰী। ৰ’দ, বৰষুণ, প্ৰতিকুল বতৰকাে নেওচি দেশৰ সীমান্তৰ সুৰক্ষাত ব্ৰতী বিএছএফৰ জােৱানসকল।

কেৱল অবৈধ অনুপ্ৰৱেশ ৰােধ কৰাই নহয়, দুয়াে দেশৰ মাজত নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ ৰােধ কৰা, যিকােনাে ৰাষ্ট্ৰবিৰােধী গতিবিধি প্ৰতিৰােধ কৰা, সীমান্তৰ বাসিন্দাসকলৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলি তেওঁ লােকৰ সুখ-সুখৰ সমভাগী হােৱা, সীমান্তবাসীক জৰুৰী অৱস্থাত সকলাে সম্ভাব্য সহায় প্ৰদান কৰা, প্ৰতিবেশী ৰাষ্ট্ৰৰ সীমান্ত বাহিনীৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰখাকে ধৰি অন্য বহু দায়িত্বও পালন কৰিবলগা হৈছে বাহিনীৰ জােৱানসকলে।

India Bangladesh Water Border in South Salmara Mackachar 4
সীমান্তত পহৰা বিএছএফৰ মহিলা জােৱানৰ

বিভিন্ন উৎসৱ-পাৰ্বণত উলহ-মালহৰ মাজতাে পৰিয়াল-আত্মীয়ৰ পৰা বহু নিলগত থাকি দেশৰ সীমান্তত নিৰাপত্তা প্ৰদান কৰা এইসকল প্ৰহৰীক সাক্ষাতৰ উদ্দেশ্যে গুৱাহাটীৰ একাংশ সংবাদ মাধ্যমৰ প্ৰতিনিধিসকল অলপতে উপস্থিত হয় দক্ষিণ-শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত।

উল্লেখ্য যে আজাৰাৰ পাটগাঁও স্থিত বিএছএফৰ গুৱাহাটী ফ্ৰন্টিয়াৰ অন্তৰ্গত এই সীমান্ত। ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ধুবুৰী ছেক্টৰৰ অধীনৰ মেঘালয়ৰ তুৰাস্থিত বি এছ এফৰ ৪৫ নম্বৰ বেটেলিয়ান সম্প্ৰতি নিয়োজিত হৈ আছে দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ ভাৰত – বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত। মেঘালয়ৰ গাতে লগা হালদিগঞ্জৰ (পিলাৰ নম্বৰ – ১০৪৮ ৰ পৰা ১০৭১ লৈ ) পৰা সদাতিয়ালৈ প্ৰায় ৩৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশখিনীত ৪.৯২ কিলোমিটাৰ অংশ আগুৰি আছে ব্ৰহ্মপুত্ৰৰ নদীপথে।

বাকীখিনী আগুৰি আছে স্থল সীমান্তই ।

India Bangladesh Water Border in South Salmara Mackachar 3
শিশুমাৰা ঘাটত কৰ্তব্যৰত বিএছএফৰ জােৱান

ভাৰত-বাংলাদেশ সম্প্ৰতি বন্ধুত্বপূৰ্ণ দেশ হিচাপে পৰিগণিত হ’লেও আন্তঃৰাষ্ট্রীয় সীমান্তৰ নিৰাপত্তা ব্যৱস্থাত কোনো ধৰণৰ আপোচ কৰা নাই সীমান্তৰ নিৰাপত্তাৰ দায়িত্বত থকা সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফে। আনকি ধুবুৰী আৰু চুবুৰীয়া পশ্চিম বংগৰ কোচবিহাৰ আৰু ফালাকটা ছেক্টৰৰ ৫০৯ কিলোমিটাৰ অংশৰ সুৰক্ষা আৰু পহৰাৰ দায়িত্বত থকা বি এছ এফৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্রন্টিয়াৰ মুখ্য কার্যালয়ে স্থলপথৰ সমান্তৰালভাৱে জল তথ্য নদীপথৰ পহৰা ব্যৱস্থা শক্তিশালী কৰি তুলিছে।

India Bangladesh Water Border in South Salmara Mackachar 1
নাৱৰে চৰাঞ্চললৈ যাত্ৰা কৰাসকলৰ তালাচীৰ দৃশ্য

এই প্ৰতিবেদকক সীমান্তৰ সুৰক্ষাৰৰ দায়িত্বত নিয়োজিত বিষয়া সকলে সদৰি কৰা অনুসৰি তেওঁলোকৰ ওপৰত নিয়োজিত অংশখিনী সম্পুৰ্ণ সুৰক্ষিত। সম্প্রতি স্থল সীমান্তৰ এশ শতাংশ সম্পূর্ণ ছীল কৰা হৈছে আৰু স্থলপথত ক’তো এতিয়া উন্মুক্ত অংশ নাই। স্থল সীমান্তৰ সকলো অংশতে উচ্চক্ষমতা সম্পন্ন আধা কিলোমিটাৰ দূৰলৈ পোহৰ বিয়পি যোৱা ফ্লাড লাইট পূৰ্বতে লগোৱা হৈছে।

ইপিনে, অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়ােগ কৰি সীমান্তত গৰু সৰবৰাহৰ প্ৰতিটাে অপচেষ্টাৰ ত্বৰিত খবৰ লাভ কৰি বিহিত ব্যৱস্থা লয় বিএছএফে। ইয়াৰ বাবে ঠাই বিশেষ চেঞ্চাৰ, ড্ৰ’ণ কেমেৰাকে ধৰি অন্য প্ৰযুক্তি ব্যৱহাৰ কৰে বাহিনীটােৱে।

অলপ সমস্যা হৈছে নদী বা জলপথৰ সীমান্তক লৈহে। কিয়নো বাৰিষা বান, খহনীয়াৰ লগত সহাৱস্থান কৰিবলগীয়া হোৱা বাবে নদীপথৰ সীমান্তৰ সুৰক্ষা আৰু পহৰা কার্যত বি এছ এফৰ জোৱানসকলৰ বাবে সমস্যা আৰু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।

India Bangladesh Water Border in South Salmara Mackachar 2
নদী সীমান্তত বিএছএফৰ কৰ্তব্যৰত জােৱান

অৱশ্যে সেই প্ৰত্যাহ্বানক নেওচিও পুৰুষৰ সমানে সমানে বি এছ এফৰ মহিলা জোৱান তথা বীৰংগনা সকলেও স্থল – জল উভয়তে পহৰা কাৰ্যত নিয়োজিত হৈ আছে।

এই প্ৰতিবেদকে শিশুমাৰা স্থিত সীমান্ত চকীত উপস্থিত হৈ নৈপথৰে চৰাঞ্চললৈ যাত্ৰা কৰা বাসিন্দাসকলৰ বিভিন্ন নথিপত্ৰ, সা-সামগ্ৰী তন্ন-তন্নকৈ তালাচীকৰা ব্যৱস্থা প্ৰত্যক্ষ কৰে।

photo 2023 10 24 17 07
সীমান্ত পৰিভ্ৰমণৰ মুহূৰ্তত এই প্ৰতিবেদক

উল্লেখ্য যে নদীপথত পহৰাৰ বাবে শিশুমাৰা বি অ’ পিৰ অধীনত অত্যাধুনিক দ্রুতবেগী নাও ব্যৱহাৰ কৰা হৈছে। স্থল সীমান্তৰ দৰে নদী সীমান্ততো ফ্লাড লাইটৰ ব্যৱস্থা কৰা হৈছে। বি এছ এফৰ বীৰাংগনাকে ধৰি আন জোৱানসকলে ২৪ ঘণ্টাই সর্বদা সষ্টম হৈ সীমান্তৰ পহৰা কাৰ্যত নিয়োজিত হৈ আছে।

Leave a Comment