অবিশ্বাস্য! সুদীৰ্ঘ ১৩৮ বছৰ পিছত প্ৰথমবাৰৰ বাবে এটা পৰিয়ালত জন্ম পালে কন্যা সন্তান, আনন্দত আত্মহাৰা সকলো…

নিউজ ডেস্কঃ সুদীৰ্ঘ ১৩৮ বছৰ! বিগত এই সুদীৰ্ঘ সময়ছোৱাত এটি কন্যা সন্তানৰ বাবে বাৰাম্বাৰ ইশ্বৰক প্ৰাৰ্থনা জনাইছিল এটা বংশই।

পৰিয়ালটোৰ কোনোবা সন্তান সম্ভৱা হ’লেই সকলোৱে আশা কৰিছিল- এইবাৰ ছোৱালী হ’ব।

কিন্তু সকলোৰে আশাত চেঁচাপানী ঢালি পুনৰ জন্ম হৈছিল ল’ৰা সন্তানৰ।

পৰিয়ালটোৰ এনে ধাৰাবাহিকতাই বাৰে বাৰে বিচলিত কৰিছিল সদস্য সকলক।

আনকি কন্যা সন্তান লাভৰ বাবে বহুজনে পৰামৰ্শও লৈছিল চিকিৎসকৰ। কিন্তু তথাপিও লাভ কৰা নাছিল সুফল।

কিন্তু অৱশেষত যেন এই পৰিয়ালটোৰ অপেক্ষাৰ অৱসান ঘটিল।

সুদীৰ্ঘ ১৩৮ বছৰৰ পিছত দেৱকন্যা হৈ এই পৰিয়ালটোত জন্মলাভ কৰিলে প্ৰথমটি কন্যা সন্তানে।

অতি ধুমধামেৰে কন্যাক আদৰিলে গোটেই পৰিয়ালটোৱে।

মিচিগানৰ কেলেডোনিয়াৰ নিৱাসী ক্লাৰ্ক পৰিয়ালটোৰ বাবে এয়া এক অবিশ্বাস্য সুখৰ খবৰ।

কিয়নো মাৰ্চ মাহত কেৰলিনৰ গৰ্ভত আৰু এণ্ড্ৰু ক্লাৰ্কৰ ঔৰসত এক দীঘলীয়া ধাৰাবাহিকতাৰ অন্ত পেলাই জন্মলাভ কৰে এটি কন্যা সন্তানে।

পৰিয়ালটোৱে এই দেৱকন্যাটিৰ নাম ৰাখিছে অড্ৰে ক্লাৰ্ক।

১০ বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল এণ্ড্ৰু আৰু কেৰলিনৰ।

বিয়াৰ পিছত কন্যা সন্তানৰ বাবে তেওঁলোকে ঈশ্বৰক অলেখ প্ৰাৰ্থনা জনাইছিল।

কিন্তু তাৰ পিছতো তেওঁলোকৰ প্ৰথম সন্তানৰূপে জন্ম হয় কেৰলিকৰ।

আৰু অৱশেষত তেওঁলোকৰ জীৱনলৈ আহে কণমানি দেৱকন্যা অড্ৰে।

এণ্ড্ৰু ক্লাৰ্কে জানিবলৈ দিয়া মতে, তেওঁলোকৰ পৰিয়ালত শেষবাৰৰ বাবে কন্যা সন্তান জন্ম পাইছিল ১৮৮৫ চনত।

তাৰ পিছৰে পৰা পৰিয়ালটোত সকলোৰে কেৱল ল’ৰাই জন্ম হৈ আহিছে।

কিন্তু এতিয়া অড্ৰে’ৰ জন্মই পৰিয়ালটোলৈ নমাই আনিছে সুখৰ বন্যা।

সকলোৰে বাবে নয়নৰ মণি হৈ পৰা অড্ৰে’ক লৈ এতিয়া অলেখ সপোন ৰচিছে ক্লাৰ্ক পৰিয়ালে।