নাইজেৰিয়াৰ ’কিং’ৰ বন্দীত্বৰ পৰা নিৰাপদে উদ্ধাৰ অসমৰ মহিলা বক্সাৰ

নিউজ ডেস্ক। বিদেশ ভ্ৰমণলৈ গৈ ‘অপহৃত’ হােৱা অসমৰ মহিলা বক্সাৰ আৰু জিম প্ৰশিক্ষক বৰ্ণালী বৰুৱা শইকীয়া সুকলমে ঘূৰি আহিল স্বদেশলৈ।

গুৱাহাটীত জন্মগ্ৰহণ কৰা বৰ্ণালী বৰুৱা শইকীয়া বাংগালুৰুৰ জিম প্ৰশিক্ষক হিচাপে কৰ্মৰত।

উল্লেখ্য যে বৰ্ণালীয়ে যোৱা ২৮ অক্টোবৰত বাংগালুৰুৰ পৰা প্ৰমােদ ভ্ৰমণৰ বাবে নাইজেৰিয়ালৈ গৈছিল। কিন্তু ঘটনাক্ৰমে পূৰ্বৰে পৰা পৰিচিত নাইজেৰিয়াৰ ’কিং’ নামৰ এজন যুৱকে বৰ্ণালীক অপহৰণ কৰি পৰিয়ালক ধনদাবী কৰে।

Barnali 2
বৰ্ণালী বৰুৱা শইকীয়া

আনকি মহিলাগৰাকীৰ ভিছা আৰু পাছপ’ৰ্ট বলপূৰ্বকভাৱে কাঢ়ি লৈ যায়। এনে পৰিস্থিতিত উপায়হীন হৈ পৰে বৰ্ণালী।

পিছত কােনােমতে এই সন্দৰ্ভত পৰিয়ালৰ লােকক অৱগত কৰাত আৰক্ষীৰ কাষ চাপে পৰিয়ালৰ লােকে।

Barnali King 1
নাইজেৰিয়ান দুৰ্বৃত্ত কিং

ইপিনে, ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ হস্তক্ষেপক্ৰমে মহিলাগৰাকী অপহৰণকাৰীৰ কবলৰ পৰা মুক্ত হৈ পুনৰ ভাৰতলৈ ঘূৰি আহিবলৈ সক্ষম হয়।

জানিব পৰা মতে, বৰ্ণালী সম্প্ৰতি মুম্বাইত চিকিৎসাধীন।

Leave a Comment