মৰ্মান্তিক! পুত্ৰ চিকিৎসক হোৱাৰ আনন্দ উদযাপনৰ সময়তে ভয়ংকৰ পথ দুৰ্ঘটনা, বিদেশৰ মাটিত মৃত্যু ভাৰতীয় পিতা-পুত্ৰৰ…

নিউজ ডেস্কঃ চিকিৎসা বিজ্ঞানৰ শিক্ষা সাং কৰাৰ আনন্দত পৰিয়ালৰ সৈতে বিনোদনৰ মুহূৰ্ত উদযাপন কৰিবলৈ যোৱাৰ সময়তে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ বিদেশৰ মাটিত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এহাল ভাৰতীয় পিতা-পুত্ৰই।

এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় আমেৰিকাৰ ফ্ৰাজিনো চহৰত।

নিহত ভাৰতীয় পিতা-পুত্ৰহালক পঞ্জাৱৰ কাপুৰথলাৰ ভূলাঠ মহকুমাৰ বোপাৰাই গাঁৱৰ নিৱাসী তথা পেছাত অধিবক্তা কুলৱিন্দৰ সিং হন্সপাল আৰু তেওঁৰ পুত্ৰ যুৱ চিকিৎসক সুখৱিন্দৰ সিং বুলি চিনাক্ত কৰা হৈছে।

এই ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় কুলৱিন্দৰ সিং হন্সপালৰ পত্নী বলবীৰ কৌৰো।

জানিব পৰা মতে, বিগত ১৫ বছৰ ধৰি আমেৰিকাত বাস কৰি আহিছিল কুলৱিন্দৰ সিং আৰু তেওঁৰ পৰিয়ালে।

শেহতীয়াকৈ তেওঁৰ পুত্ৰ সুখবিন্দৰে আমেৰিকাতে চিকিৎসা বিজ্ঞানৰ শিক্ষা সাং কৰি যুৱ চিকিৎসক হিচাপে কৰ্মজীৱন আৰম্ভ কৰাৰ আনন্দত গোটেই পৰিয়ালটোৱে ১০ মে’ত গাড়ীৰে ফুৰিবলৈ গৈছিল।

কিন্তু পথত তেওঁলোকৰ বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰাত ঘটনাস্থলীতে মৃত্যু ঘটে সুখৱিন্দৰৰ।

পিছত আহত কুলৱিন্দৰ আৰু তেওঁৰ পত্নীক সংকটজনক অৱস্থাত হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে কুলৱিন্দৰ সিঙকো মৃত ঘোষণা কৰে।

বিদেশৰ মাটিত এনেদৰে পিতা-পুত্ৰৰ কৰুণ মৃত্যুৱে শোকৰ ছাঁয়া নমাইছে তেওঁলোকৰ পৰিয়াললৈ।