আজি অন্ত পৰিব টকিঅ’ অলিম্পিক ২০২০ ৰ, বিয়লি ৪.৩০ বজাৰ পৰা ৭ বজালৈ সামৰণি অনুষ্ঠান

নিউজ ডেস্ক। দেওবাৰে অন্ত পৰিব টকিঅ’ অলিম্পিক ২০২০ৰ।

যোৱা ২৩ জুলাইৰ পৰা আৰম্ভ হোৱা বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ প্ৰতিযোগিতাখনৰ সমাপ্ত হ’ব দেওবাৰে।

সেই অনুসৰি অলিম্পিকৰ সমাপ্তিৰ বাবে আয়োজন কৰা হৈছে এক সামৰণি অনুষ্ঠানৰ।

ভাৰতীয় সময় অনুসৰি বিয়লি ৪.৩০ বজাৰ পৰা ৭ বজালৈ হ’ব সামৰণি অনুষ্ঠান।

উল্লেখ্য যে এইবাৰৰ অলিম্পিকত ভাৰতে পূৰ্বতকৈ কৰিলে যথেষ্ট উন্নত প্ৰদৰ্শন।

১২১ বছৰৰ মূৰত অলিম্পিকত এই সফলতা ভাৰতৰ।

৭টা পদকেৰে অলিম্পিকৰ ইতিহাসত ভাৰতৰ এইয়া প্ৰথম উত্তম প্ৰদৰ্শন।

অলিম্পিকৰ প্ৰথমদিনাই ৰূপৰ পদক লাভেৰে মীৰাবাই ছানুৱে অলিম্পিকত আৰম্ভ কৰিছিল ভাৰতৰ সফলতাৰ অভিযান।

শনিবাৰৰ দিনটোত জেভলীন থ্ৰ’ত নীৰজ চোপ্ৰাই ভাৰতলৈ কঢ়িয়াই আনিলে সৰ্বোচ্চ সন্মান।

তেওঁ লাভ কৰিলে সোণ। অসম কন্যা লাভলীনা বৰগোহাঁইয়ে প্ৰথমবাৰৰ বাবে অংশ লোৱা টকিঅ’ অলিম্পিকত ভাৰতক প্ৰদান কৰিলে ব্ৰঞ্জৰ পদক।

পদকৰ তালিকা অনুসৰি ভাৰতে লাভ কৰিলে এটা সোণ, দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক।

পদক তালিকাৰ শীৰ্ষত চীন, দ্বিতীয়ত আমেৰিকা আৰু তৃতীয় স্থানত থাকিল আয়োজক দেশ জাপান।

Leave a Comment