অসমীয়াখেল

‘মা, আজি মল্লযুঁজ জিকিল, মই হাৰি গ’লোঁ’ – পেৰিছ অলিম্পিকত ষড়যন্ত্ৰৰ বলি হ’ল নেকি বিনেশ ফ’গাট?

নিউজ ডেস্কঃ সময় আছিল ২০২৩ৰ জানুৱাৰী মাহ। দিল্লীৰ ৰাজপথত তেতিয়া প্ৰতিবাদত নামিছিল বিশ্বৰ বুকুত ভাৰতক জিলিকাই তোলা বিনেশ ফ’গাট, সাক্ষী মালিক, বজৰংগ পুনিয়াৰ দৰে মল্লযুঁজাৰুসকলে। তেওঁলোকৰ এই প্ৰতিবাদ আছিল ভাৰতীয় মল্লযুঁজ সন্থাৰ অধ্যক্ষ তথা বিজেপি সাংসদ ব্ৰিজভূষণ চৰণ সিঙৰ বিৰুদ্ধে।

অভিযোগ উত্থাপন হৈছিল যে ব্ৰিজ ভূষণ চৰণ সিঙে মহিলা মল্লযুঁজাৰু সকলক যৌন নিৰ্যাতন চলাই আহিছিল। যাৰ বাবে ব্ৰিজ ভূষণৰ অপসাৰণৰ দাবী তুলি প্ৰথমে আদালতৰ দুৱাৰ টুকুৰিয়াই অৱশেষত ৰাজপথত নামিবলৈ বাধ্য হৈছিল ভাৰতৰ মল্লযুঁজাৰুসকলে।

কিন্তু দেশৰ গৌৰৱ সেই মল্লযুঁজাৰুসকলৰ প্ৰতিবাদে গা লৰাব নোৱাৰিলে চৰকাৰ কিম্বা মল্লযুঁজ সন্থাক। বৰং যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰা মল্লযুঁজ সকলক বিভিন্ন ধৰণে হাৰাশাস্তি কৰাৰহে অভিযোগ উঠে। কেতিয়াবা যদি প্ৰতিবাদথলীৰ পৰা বিদ্যুৎ সংযোগ কৰ্তন কৰা হয়, আন কেতিয়াবা আকৌ কৰ্তন কৰা হ’ল পানীৰ ব্যৱস্থা।

image
'মা, আজি মল্লযুঁজ জিকিল, মই হাৰি গ’লোঁ’ - পেৰিছ অলিম্পিকত ষড়যন্ত্ৰৰ বলি হ’ল নেকি বিনেশ ফ’গাট? 6

সেই প্ৰতিবাদৰ সময়ৰে এক দৃশ্যই স্তম্ভিত কৰি তুলিছিল সমগ্ৰ দেশবাসীক। দিল্লী আৰক্ষীয়ে নিৰ্মমভাৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল প্ৰতিবাদী মল্লযুঁজাৰুসকলক। দিল্লীৰ ৰাজপথত বিনেশ ফ’গাট, সাক্ষী মালিক, বজৰংগ পুনিয়াক আৰক্ষীয়ে টানি-আজুৰি নিয়াৰ, ঠেলা মাৰি দিয়াৰ ফটো, ভিডিঅ’ পোহৰলৈ আহিছিল। যেন তেওঁলোক মল্লযুঁজাৰু নাছিল, আছিল ‘দেশদ্ৰোহী’হে।

এবছৰ পূৰ্বে প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ অত্যাচাৰ সহন কৰা বিনেশ ফ’গাটক লৈয়ে আজি দেশজুৰি চৰ্চা চলিছে। পেৰিছ অলিম্পিকত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ মল্লযুঁজাৰুসকলক পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰা হাৰিয়ানাৰ এইগৰাকী ২৯ বৰ্ষীয় মল্লযুঁজাৰুক প্ৰশংসাৰে উপচাই পেলাইছিল সমগ্ৰ দেশবাসীয়ে।

image 2
'মা, আজি মল্লযুঁজ জিকিল, মই হাৰি গ’লোঁ’ - পেৰিছ অলিম্পিকত ষড়যন্ত্ৰৰ বলি হ’ল নেকি বিনেশ ফ’গাট? 7

কিন্তু এতিয়া অলিম্পিকৰ অংশ হৈ থকা নাই বিনেশ। ফাইনেল খেলাৰ পূৰ্বেই তেওঁক অযোগ্য ঘোষণা কৰা হয়। ৫০ কেজি ফ্ৰীষ্টাইল মল্লযুঁজৰ ফাইনেলত অৱতীৰ্ণ হোৱাৰ পূৰ্বে শৰীৰৰ মাত্ৰ কেইগ্ৰামমান ওজন বৃদ্ধিৰ বাবে তেওঁক খেলৰ বাবে অযোগ্য ঘোষণা কৰা হয়, আৰু ইয়াৰ লগে লগে অন্ত পৰে বিনেশ ফ’গাটৰ অলিম্পিকৰ পদক জয়ৰ সপোনো।

অৱশ্যে অলিম্পিকৰ পৰা বাহিৰ হোৱাৰ পিছতো বিনেশক লৈ হ্ৰাস পোৱা নাই ভাৰতীয়ৰ আকুণ্ঠ ভালপোৱা। সকলোৱে এগৰাকী প্ৰকৃত যোদ্ধাৰ ৰূপত আঁকোৱালি লৈছে বিনেশ ফ’গাটক। তেওঁক অযোগ্য ঘোষণা কৰাৰ পিছতে সহমৰ্মিতা আৰু সাহস প্ৰকাশ কৰি এক্সত পোষ্ট কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিৰোধী নেতা ৰাহুল গান্ধীকে ধৰি অনেক জনে।

প্ৰধানমন্ত্ৰীৰ সমবেদনা, ক’লে- তুমি এগৰাকী চেম্পিয়ন

বিনেশ ফ’গাট আৰু তেওঁৰ সহযোগী মল্লযুঁজাৰুসকলে দিল্লীৰ যন্তৰ-মন্তৰত যেতিয়া প্ৰতিবাদ কৰি আছিল, সেই সময়ত সকলো দেখিও নেদেখাৰ ভাও ধৰি আছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁৰেই দলৰ এগৰাকী সাংসদৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থাই গ্ৰহণ নকৰিলে তেওঁ।

কিন্তু অলিম্পিকৰ ফাইনেলৰ পূৰ্বে যেতিয়া বিনেশ ফ’গাটক মাত্ৰ কেইগ্ৰামমান অধিক শৰীৰৰ ওজনৰ বাবে অযোগ্য ঘোষণা কৰা হ’ল, তাৰ পিছতে ছ’চিয়েল মিডিয়াযোগে সমবেদনাৰ জোৱাৰ তোলে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় অলিম্পিক সন্থাক বিনেশৰ অযোগ্যতাৰ বিৰুদ্ধে আবেদনৰ সকলো বিকল্প বিচাৰি উলিয়াবলৈ আহ্বান জনায়।

ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি ঊষাৰ সৈতে ব্যক্তিগতভাৱে কথা পাতি মোদীয়ে বিষয়টোৰ ওপৰত প্ৰত্যক্ষ তথ্য আৰু প্ৰতিকাৰৰ সম্ভাৱ্য পথ বিচাৰিছিল। তেওঁ পি টি ঊষাক নিৰ্দেশ দিয়ে যে প্ৰয়োজন হ’লে অযোগ্যতাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ দাখিল কৰাকে ধৰি ভাৰতীয় মল্লযুঁজাৰুগৰাকীৰ গোচৰটোৰ হকে সকলো বিকল্প সন্ধান কৰক।

প্ৰধানমন্ত্ৰী মোদীয়ে মল্লযুঁজাৰুগৰাকীক চেম্পিয়নৰ মাজত চেম্পিয়ন বুলি অভিহিত কৰি সান্ত্বনা দি এটা টুইট পোষ্ট কৰে। য’ত তেওঁ লিখে, “বিনেশ, তুমি চেম্পিয়নৰ মাজত চেম্পিয়ন! তুমি ভাৰতৰ গৌৰৱ আৰু প্ৰতিজন ভাৰতীয়ৰ বাবে প্ৰেৰণা। আজিৰ বিপৰ্যয়ে আঘাত দিছে। মই অনুভৱ কৰোঁ যে মই যি হতাশাৰ ভাৱ অনুভৱ কৰিছো সেয়া শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। একে সময়তে, মই জানো যে প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাটো সদায় তোমাৰ স্বভাৱ হৈ আহিছে। অধিক শক্তিশালী হৈ উভতি আহিবা। আমি সকলোৱে তোমাৰ বাবে অপেক্ষা কৰিছো।’’

লগতে পঢ়কঃ মেঘালয়ত হিন্দুৰ উপাসনাস্থলীত নিষেধাজ্ঞা আৰোপৰ বিৰুদ্ধে সতৰ্কবাণী সত্যৰঞ্জন বৰাৰ

‘মা, মল্লযুঁজ জিকিল, মই হাৰিলোঁ’

৭ আগষ্টত অনুষ্ঠিত হোৱাৰ কথা আছিল বিনেশ ফ’গাটৰ অলিম্পিকৰ ফাইনেল খেলখন। ইতিমধ্যে অলিম্পিকত তেওঁ পদক নিশ্চিত কৰিছিল। কিন্তু ফাইনেলৰ পূৰ্বে ৫০ কেজিতকৈ শৰীৰত ১০০ গ্ৰাম অধিক ওজনৰ বাবে অযোগ্য ঘোষণা কৰা হয় ভাৰতীয় মল্লযুঁজাৰুগৰাকীক। বাতৰি অনুসৰি, এই অযোগ্য ঘোষণা কৰাৰ কিছুসময় পিছতে অসুস্থ হৈ ঢলি পৰে বিনেশ, যাৰ বাবে তেওঁক হাস্পতালত ভৰ্তি কৰিবলগীয়াও হয়।

image 1
'মা, আজি মল্লযুঁজ জিকিল, মই হাৰি গ’লোঁ’ - পেৰিছ অলিম্পিকত ষড়যন্ত্ৰৰ বলি হ’ল নেকি বিনেশ ফ’গাট? 8

বাতৰি অনুসৰি, ফাইনেলৰ বাবে এটা দিনৰ ভিতৰত শৰীৰৰ ওজন ১ কেজি ৯০০ গ্ৰাম হ্ৰাস কৰিছিল বিনেশ ফ’গাটে। অত্যাধিক কচৰৎ আৰু অনুশীলনেৰে ভাৰতৰ বাবে ইতিহাস গঢ়ি স্বৰ্ণ জয়ৰ বাবে নিজকে সাজু কৰি তুলিছিল বিনেশে। কিন্তু তেওঁৰ এই অধ্যাৱসায়ত যেন ৰৈ যায ক্ৰুটি। মাত্ৰ ১০০ গ্ৰামৰ বাবে ফাইনেলৰ পূৰ্বে অযোগ্য হৈ পৰে বিনেশ। একে সময়তে তেওঁৰ পৰা বিচ্ছিন্ন হৈ পৰে ২০২৪ৰ পেৰিছ অলিম্পিকত পদক জয়ৰ সপোন।

এই সপোন ভঙাৰ পিছতে মানসিকভাৱে বিধ্বস্ত হৈ পৰে বিনেশ ফ’গাট। যাৰ বাবে ৮ আগষ্টৰ পুৱা এটা এক্স পোষ্টযোগে মল্লযুঁজৰ পৰা অৱসৰ গ্ৰহণৰ কঠোৰ সিদ্ধান্তৰ বিষয়ে সকলোকে অৱগত কৰে তেওঁ। যাৰ পিছত সমগ্ৰ দেশ স্তম্ভিত হৈ পৰে। তেওঁৰ অৱসৰ সন্দৰ্ভত মল্লযুঁজাৰু বজৰং পুনিয়া আৰু সাক্ষী মালিকে তেওঁৰ অৱসৰৰ ঘোষণাক লৈ টুইট কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

৮ আগষ্টৰ পুৱা ৫:১৭ বজাত বিনেশ ফ’গাটে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এটা পোষ্ট শ্বেয়াৰ কৰা হৈছিল। য’ত তেওঁ আৱেগিকভাৱে অৱসৰৰ কথা ঘোষণা কৰে। এই পোষ্টটোৰ পৰা এনে অনুভৱ কৰিব পাৰি যেন অযোগ্যতাৰ বাবে বিনেশ ফ’গাট সম্পূৰ্ণৰূপে ভাগি পৰিছিল। তেওঁ লিখিছে – “মা, মল্লযুঁজ মোৰ পৰা জয়ী হ’ল, মই হাৰিলোঁ, ক্ষমা কৰিবা, তোমাৰ সপোন, মোৰ সাহস, সকলো ভাঙি গৈছে, মোৰ এতিয়া ইয়াতকৈ বেছি শক্তি নাই।”

যোৱা বছৰ মল্লযুঁজ সন্থাৰ অধ্যক্ষ ব্ৰিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে দিল্লীত সাব্যস্ত কৰা প্ৰতিবাদত বিনেশ ফ’গাটৰ সহযোগী আছিল বজৰংগ পুনিয়া। বৃহস্পতিবাৰে বিনেশৰ অৱসৰ গ্ৰহণৰ বিষয়ে জানিব পৰাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে টকিঅ’ অলিম্পিক ২০২০ৰ ব্ৰঞ্জৰ পদক বিজয়ী মল্লযুঁজাৰু বজৰং পুনিয়াই। বজৰং পুনিয়াই লিখিছে- ‘বিনেশ, তুমি পৰাজিত হোৱা নাই, তোমাক পৰাজিত কৰা হৈছে, আমাৰ বাবে তুমি সদায় বিজয়ী হৈ থাকিবা।’

ইফালে সাক্ষী মালিকেও বিনেশ ফ’গাটৰ অৱসৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ৰিঅ’ অলিম্পিক ২০১৬ৰ ব্ৰঞ্জৰ পদক বিজয়ী মল্লযুঁজাৰু সাক্ষী মালিকে ইনষ্টাগ্ৰামত পোষ্ট কৰি লিখিছে- ‘বিনেশ, তুমি পৰাজিত হোৱা নাই, এয়া সেইসকল কন্যাৰ পৰাজয় যাৰ বাবে তুমি যুঁজিছিলা আৰু জিকিছিলা। এয়া সমগ্ৰ দেশৰ পৰাজয়। আজি সমগ্ৰ দেশ তোমাৰ সৈতে আছে। এগৰাকী খেলুৱৈ হিচাপে তোমাৰ সংগ্ৰাম আৰু সাহসক প্ৰণাম জনাইছো।’’

লগতে পঢ়কঃ মহানগৰীৰ কৃত্ৰিম বান সমস্যাক লৈ মেঘালয়ৰ সৈতে আলোচনা কৰিব মুখ্যমন্ত্ৰীয়ে…

এই সন্দেহ সত্য হ’ব পাৰে নেকি?

বিনেশ ফ’গাট অথবা অন্য মল্লযুঁজাৰুসকলৰ প্ৰতিবাদৰ যুঁজখন চৰকাৰৰ বিৰুদ্ধে নাছিল, আছিল বিজেপি সাংসদ তথা মল্লযুঁজ সন্থাৰ অধ্যক্ষ ব্ৰিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধেহে। কিন্তু শাসকীয় দলৰ এজন বাহুবালী নেতাৰ বিৰুদ্ধে ঠিয় হৈ বিনেশ, সাক্ষী, বজৰংগৰ দৰে মল্লযুঁজাৰুসকলে হাতৰ কুঠাৰ ভৰিত মৰা বুলি সেই সময়তে বিভিন্নজনে মন্তব্য কৰিছিল।

একেই সন্দেহ ব্যক্ত কৰিছিল খোদ বিনেশ ফ’গাটেও। এপ্ৰিলত অনুষ্ঠিত হোৱা এছিয়ান অলিম্পিকৰ পূৰ্বে এটা ছ’চিয়েল মিডিয়া পোষ্টত খেলৰ সময়ত তেওঁক বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ সন্দেহ ব্যক্ত কৰিছিল বিনেশে। কাৰণ তেওঁৱো জানিছিল, যাৰ বিৰুদ্ধে তেওঁ এই যুঁজ আৰম্ভ কৰিছে সেই যুঁজ সহজ নহয়।

WhatsApp Image 2024 08 08 at 11.51.21 b8422ac9
'মা, আজি মল্লযুঁজ জিকিল, মই হাৰি গ’লোঁ’ - পেৰিছ অলিম্পিকত ষড়যন্ত্ৰৰ বলি হ’ল নেকি বিনেশ ফ’গাট? 9

এটা পোষ্টত বিনেশে তেতিয়াই লিখিছিল, অহা ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব এছিয়ান অলিম্পিক কোৱালিফাইং টুৰ্ণামেণ্ট। এমাহ ধৰি ধাৰাবাহিকভাৱে ভাৰত চৰকাৰক (SAI, TOPS) মোৰ প্ৰশিক্ষক আৰু ফিজিঅ’ৰ স্বীকৃতিৰ বাবে অনুৰোধ কৰি আহিছো। ACCREDITATION অবিহনে মোৰ প্ৰশিক্ষক আৰু ফিজিঅ’ৰ বাবে মোৰ লগত প্ৰতিযোগিতা এৰেনালৈ যোৱাটো সম্ভৱ নহয়। কিন্তু বাৰে বাৰে অনুৰোধ জনোৱাৰ পিছতো ক’ৰ পৰাও কোনো সুনিৰ্দিষ্ট সঁহাৰি পোৱা নাই। কোনেও সহায় কৰিবলৈ ইচ্ছুক নহয়। এনেদৰেই খেলুৱৈৰ ভৱিষ্যতক লৈ সদায় খেলা হ’বনে? ব্রিজ ভূষণ আৰু তেওঁৰ চাবি দিয়া পুতলা সঞ্জয় সিঙে মোক অলিম্পিক খেলাৰ পৰা ৰোধ কৰিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰিছে। দলত নিযুক্তি দিয়া প্ৰশিক্ষকসকল সকলো ব্রিজ ভূষণ আৰু তেওঁৰ দলৰ প্রিয়, গতিকে মোৰ পানীত কিবা মিহলাই মোৰ মেচৰ সময়ত অচেতন কৰি পেলাব পাৰে বুলিও নুই কৰিব নোৱাৰি?? মোক ড’পত আৱদ্ধ কৰাৰ ষড়যন্ত্ৰ হ’ব পাৰে বুলি ক’লে ভুল নহ’ব৷ আমাক মানসিকভাৱে অত্যাচাৰ কৰিবলৈ কোনো ধৰণৰ ক্ৰুটি ৰখা নাই। ইমান গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাৰ আগত আমাৰ ওপৰত এনে মানসিক নিৰ্যাতন কিমানখিনি ন্যায্য? আমি যৌন নিৰ্যাতনৰ বিৰুদ্ধে মাত মাতিলোঁ বুলি দেশৰ হৈ খেলিবলৈ যোৱাৰ আগতেও আমাৰ লগত ৰাজনীতি হ’বনে?? আমাৰ দেশত অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ শাস্তি এয়া নেকি? দেশৰ হৈ খেলিবলৈ যোৱাৰ পূৰ্বে আমি ন্যায় পাম বুলি আশা কৰিলোঁ। জয় হিন্দ।’’

চলিত অলিম্পিকত ফাইনেলৰ পূৰ্বে বিনেশ ফ’গাটক অযোগ্য ঘোষণা কৰাৰ পিছত একেদৰেই এতিয়া ষড়যন্ত্ৰৰ সন্দেহ কৰিছে বিভিন্নজনে। সন্দেহৰ আঙুলি উঠিছে ব্ৰিজভূষণ চৰণ সিং, তেওঁৰ পুত্ৰ তথা বৰ্তমানৰ মল্লযুঁজ সন্থাৰ অধ্যক্ষ কৰণ ভূষণ সিঙৰ বিৰুদ্ধেও।

সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে নিজৰ ছ’চিয়েল মিডিয়া পোষ্টত লিখিছে, ‘বিনেশ ফ’গাটে ফাইনেলত খেলিব নোৱাৰাৰ কাৰিকৰী কাৰণৰ ওপৰত গভীৰ তদন্ত কৰিব লাগে আৰু এইটো নিশ্চিত হ’ব লাগে যে সত্য কি আৰু ইয়াৰ আঁৰৰ আচল কাৰণ কি।’ অলিম্পিকৰ পদক বিজয়ী বক্সাৰ তথা বিজেপি নেতা বিজেন্দৰ সিঙে বিনেশৰ অযোগ্য ঘোষণাক এক ষড়যন্ত্ৰ বুলি অভিহিত কৰে। তেওঁ কয় যে আমাৰ মল্লযুঁজাৰুসকলৰ সৈতে এয়া এক ডাঙৰ ষড়যন্ত্ৰ। ইয়াৰ বাহিৰেও তেওঁ কয় যে বিনেশক ওজন কমাবলৈ কিছু সময় দিব লাগিছিল। বিজেন্দৰে কয় যে তেওঁ আগতে কোনো এথলীটৰ বাবে এনেকুৱা একো দেখা নাছিল।

বিনেশক অযোগ্য ঘোষণা কৰাক লৈ সন্দেহ ব্যক্ত কৰিছে আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙেও। এটা ভিডিঅ’ পোষ্টত তেওঁ কয়, ”মাত্ৰ এশ গ্ৰাম ওজনৰ বাবে তেওঁক অযোগ্য ঘোষণা কৰাটো হাঁহি উঠা কথা। বিনেশে অলিম্পিকৰ ফাইনেল খেলিবলৈ যোৱাটো একাংশই হজম কৰিব নোৱাৰিলে, সেয়ে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হ’ল।’’

Leave a Reply

Your email address will not be published. Required fields are marked *