নিউজ ডেস্কঃ আদালতৰ মজিয়া পালে মেঘালয়ৰ সুপৰিচিত পৰ্যটনস্থলী মাউজিম্বুইন গুহাত (Mawjymbuin Cave) ধৰ্মীয় উপাসনাত আৰোপ কৰা নিষেধাজ্ঞাই। শাওনৰ মাহত মাউজিম্বুইন গুহাৰ ‘শিৱ লিংগ’ত পূজা-অৰ্চনা কৰাত আৰোপ কৰা নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনাই মেঘালয় উচ্চ ন্যায়ালয়ত (High Court of Meghalaya) দাখিল কৰা এক আবেদনৰ বৃহস্পতিবাৰে শুনানি গ্ৰহণ কৰি ইষ্ট খাছী হিলছৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু দৰবাৰ শ্বনংৰ সদস্যসকলক আদালতলৈ মাতি আনে উচ্চ ন্যায়ালয়ে। এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন অহা ১৪ আগষ্টত নিৰ্ধাৰণ কৰা হৈছে।
উল্লেখ্য যে, শাওনৰ মাহত ব’ল বম উদযাপনৰ সময়তে মাউজিম্বুইন গুহাত হিন্দুৰ পূজা-অৰ্চনাত নিষেধাজ্ঞা জাৰি কৰিছিল মৌছিনৰাম দৰবাৰ শ্বনঙে । দৰাচলতে একাংশ হিন্দু গোটে গুহাটোত থকা প্ৰাকৃতিভাৱে গঠিত ‘শিৱ লিংগ’ত পূজা-অৰ্চনা কৰাৰ অনুমতি বিচৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল দৰবাৰ শ্বনঙে।
ধৰ্মীয় উপাসনাত নিষেধাজ্ঞা আৰোপ কৰি দৰবাৰ শ্বনঙে যুক্তি দিছিল যে মাউজিম্বুই গুহা কেৱল এক পৰ্যটনস্থলীহে, কোনো উপাসনাৰ স্থান নহয়। গুহাত পূজা-অৰ্চনা কৰিলে তাৰ প্ৰাকৃতিক সৌন্দৰ্য ধ্বংস হ’ব পাৰে বুলিও যুক্তি দিছিল দৰবাৰ শ্বনঙে। ইফালে দৰবাৰ শ্বনঙৰ এই সিদ্ধান্তৰ সমৰ্থন জনায় খাছী ছাত্ৰ সংগঠন আৰু অন্য স্থানীয় দল-সংগঠনেও।
কিন্তু দৰবাৰ শ্বনঙৰ এই সিদ্ধান্তৰ বিৰুদ্ধে হিন্দু সংগঠনসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছতে এক বিতৰ্কৰ সূত্ৰপাত ঘটে। অসমৰো হিন্দু সংগঠনে মেঘালয়ৰ মাউজিম্বুইন গুহাত আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰোধিতা কৰে। কুটুম্ব সুৰক্ষা পৰিষদৰ দৰে অসমৰ হিন্দু সংগঠনে ৬ আগষ্টত গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি মেঘালয় চৰকাৰৰ পৰা উত্তৰ বিচাৰে।
লগতে পঢ়কঃ মেঘালয়ত হিন্দুৰ উপাসনাস্থলীত নিষেধাজ্ঞা আৰোপৰ বিৰুদ্ধে সতৰ্কবাণী সত্যৰঞ্জন বৰাৰ
কুটুম্ব সুৰক্ষা পৰিষদৰ নেতৃত্বই সংবাদমেল সম্বোধন কৰি গুহাত হিন্দুৰ উপাসনাত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ নকৰিলে মেঘালয়ৰ বিৰুদ্ধে পথ অৱৰোধৰো হুংকাৰ দিয়ে।
হিন্দু সংগঠনটোৰ সভাপতি সত্যৰঞ্জন বৰাই কয়, ‘আমাক মেঘালয় ৰাজ্যিক কৰ্তৃপক্ষৰ পৰা উত্তৰ লাগে। নহ’লে ইয়াত অসমত আন্তৰিক প্ৰতিবাদৰ সন্মুখীন হ’ব মেঘালয় চৰকাৰ; মেঘালয়লৈ যোৱা সকলো পথ অৱৰোধৰ দৰে পৰিস্থিতিৰো সৃষ্টি হ’ব পাৰে।”
লগতে পঢ়কঃ চুবুৰীয়া এইখন ৰাজ্যৰ এটা প্ৰসিদ্ধ ‘শিৱ লিংগ’ত নিষিদ্ধ ব’ল বমৰ পূজা-অৰ্চনা, কিন্তু কিয়?