অসমীয়াঅসম

মহানগৰীৰ কৃত্ৰিম বান সমস্যাক লৈ মেঘালয়ৰ সৈতে আলোচনা কৰিব মুখ্যমন্ত্ৰীয়ে…

নিউজ ডেস্কঃ চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপি! সোমবাৰে মহানগৰী (Guwahati) স্থবিৰ কৰি পেলোৱা দশকৰ সৰ্ববৃহৎ কৃত্ৰিম বানৰ পিছতে এতিয়া তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ (State Govt.)। গুৱাহাটীৰ কৃত্ৰিম বান প্ৰতিৰোধৰ বাবে তৎপৰতা দেখুৱাইছে মেয়ৰ মৃগেন শৰণীয়া, নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) সকলোৱে।

smart city 1

ইপিনে মহানগৰীৰ এই কৃত্ৰিম বান পৰিস্থিতি (Artificial Flood Condition) নিৰাময়ৰ দাবীত প্ৰতিবাদত নামিছে সদৌ অসম ছাত্ৰ সন্থা (AASU), চিপিআইএম (CPIM)কে ধৰি বিভিন্ন দল সংগঠনো। কৃত্ৰিম বান সমস্যা সমাধানৰ ব্যৰ্থতা স্বীকাৰ কৰি দাবী উঠিছে নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহাল (Ashok Singhal)ৰ পদত্যাগৰো।

WhatsApp Image 2024 08 06 at 14.56.53 2c5f817e

মহানগৰবাসীৰ দুৰ্বিসহ জীৱন আৰু দল-সংগঠনৰ প্ৰতিবাদৰ মাজতে গুৱাহাটীৰ ভয়াবহ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ব্যাপক সমাধানৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে এজাক বৰষুণতে উটি যোৱা গুৱাহাটীৰ পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী শৰ্মাইও জগৰীয়া কৰে চুবুৰীয়া ৰাজ্য মেঘালয় (Meghalaya)ক।

এটা টুইটযোগে মুখ্যমন্ত্ৰীয়ে লিখিছে, “কালি মেঘালয়ৰ ৰি-ভয় জিলাত প্ৰায় ১০০ মিলিমিটাৰ বৰষুণৰ অভিলেখ সৃষ্টি হয়। গুৱাহাটীত ৬০ মিলিমিটাৰ বৰষুণৰ সমান্তৰালকৈ পাহাৰত প্ৰচণ্ড বৰষুণৰ ফলত ৰাজ্যৰ ৰাজধানীৰ কিছু অংশত অসাধাৰণ ক্ষন্তেকীয়া বানপানীৰ সৃষ্টি হয়।”

WhatsApp Image 2024 08 06 at 14.56.54 296dd7f1

ইফালে, মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অংশীদাৰসকলৰ সৈতে এক বৈঠকত ভৱিষ্যতে বানপানীৰ পৰিঘটনা পৰিচালনাৰ কৌশল প্ৰস্তুত কৰে। আন্তঃৰাজ্যিক সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শৰ্মাই কয় যে আমি মেঘালয় চৰকাৰৰ সৈতেও যোগাযোগ কৰি বাস্তৱ সময়ৰ সমন্বয় প্ৰট’কল ৰূপায়ণ কৰিম।

প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বে নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহালেও গুৱাহাটী আৰু মেঘালয়ৰ পানীৰ ৰং বিশ্লেষণ কৰি মহানগৰীৰ কৃত্ৰিম বানৰ বাবে মেঘালয়ক জগৰীয়া কৰিছিল। গুৱাহাটীৰ পানীৰ ৰং ক’লা বুলি কৈ অশোক সিংহালে কৈছিল, ”মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা পানী ৰঙা পানী। গুৱাহাটীৰ বানৰ পানী ৰঙা। এই বানৰ ৫০ শতাংশ পানীয়েই মেঘালয়ৰ পৰা নামি অহা।’’

সোমবাৰে বিয়লি গুৱাহাটীত নামিছিল এজাক ধাৰাসাৰ বৰষুণ। এই বৰষুণৰ পিছতে জু ৰোড, জি এছ ৰোড, চানমাৰি, গণেশগুৰি, হাতীগাঁও আদি প্ৰধান অঞ্চলসমূহত এবুকু, একঁকাল পৰ্যন্ত কৃত্ৰিম বানৰ সৃষ্টি হয়। যাৰ ফলত ৫ ঘণ্টাৰো অধিক সময় ধৰি স্তবিৰ হৈ পৰে মহানগৰবাসীৰ সাধাৰন জীৱন যাপন। বিয়লি ৩ বজাতেই স্কুলৰ পৰা ওলাই অহা কণ কণ ল’ৰা-ছোৱালীয়ে বানৰ মাজত আৱদ্ধ হৈ নিশা ১১-১২ বজাতহে ঘৰ পায়। ইফালে এই প্ৰচণ্ড বানৰ ফলত বহু অঞ্চলত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰে। আজিও হাতীগাঁও, নবীন নগৰৰ দৰে অঞ্চলৰ বাট-পথ একাঁঠু পৰ্যন্ত পানীৰে পৰিপূৰ্ণ হৈ আছে।

WhatsApp Image 2024 08 06 at 14.56.54 560a2154

অন্যহাতে গুৱাহাটীক স্মাৰ্ট চিটি (Smart City)ৰূপে গঢ়াৰ প্ৰতিশ্ৰুতি দি নিৰ্বাচনী ইস্তাহাৰ প্ৰচাৰ কৰা বিজেপি চৰকাৰৰ দিনত মহানগৰীৰ কৃত্ৰিম বান সমস্যা অধিক ভয়াবহহে হৈছে বুলি মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে। গুৱাহাটীৰ কৃত্ৰিম বান সমাধানত ব্যৰ্থ হোৱা বিজেপি চৰকাৰৰ বিৰুদ্ধে বুধবাৰে এক প্ৰতিবাদ সাব্যস্ত কৰি নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহালৰ পদত্যাগৰ দাবী জনায় আছুৱে।

আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বান পৰিস্থিতিৰ বাবে চৰকাৰক সমালোচনা কৰি কয়, ”বিজেপিয়ে গুৱাহাটীৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দিছিল, স্মাৰ্ট চিটি গঢ়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু এয়াই নেকি স্মাৰ্ট চিটিৰ অৱস্থা? আজিও গুৱাহাটীবাসীয়ে কৃত্ৰিম বানত ককবকাই আছে। নগৰ উন্নয়ন মন্ত্ৰীয়ে এই বান মেঘালয়ৰ বাবে হোৱা বুলি কৈয়ে নিজৰ দায়িত্ব সামৰিব বিচাৰিছে। এনে এগৰাকী মন্ত্ৰীয়ে পদত্যাগ কৰা উচিত। চৰকাৰে শীঘ্ৰে গুৱাহাটীৰ এই বান সমস্যা সমাধান কৰিব লাগিব।’’ ইফালে কৃত্ৰিম বানৰ বিৰুদ্ধে বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে চি পি আই এমৰ অসম (Assam) প্ৰদেশ সমিতিয়েও।

লগতে চাওকঃ

চুবুৰীয়া এইখন ৰাজ্যৰ এটা প্ৰসিদ্ধ ‘শিৱ লিংগ’ত নিষিদ্ধ ব’ল বমৰ পূজা-অৰ্চনা, কিন্তু কিয়?

siv

Leave a Reply

Your email address will not be published. Required fields are marked *