
স্বামীৰ ওপৰত খং কৰি কুঁৱাত জাঁপ পত্নীৰ! গাঁওবাসীৰ সন্মুখত হাতযোৰ কৰি ক্ষমা বিচৰাৰ পিছতহে ওলাই আহিল বাহিৰলৈ
শিৱপুৰীঃ প্ৰতিদিনে ঘৰৰ দুৱাৰত বাহিৰৰ পৰা তলা ওলমাই থৈ যায় স্বামীয়ে, ভিতৰত বন্দী হৈ কটাব লাগে দিনটো। এনে অপমান আৰু অৱহেলাৰ চৰম সীমাত উপনীত হৈ এগৰাকী গৃহবধূৱে বাছি ল’লে এক ভয়ংকৰ প্ৰতিবাদৰ পথ। মধ্যপ্ৰদেশৰ শিৱপুৰীত সংঘটিত এই ঘটনাই এতিয়া সকলোকে হতবাক কৰি তুলিছে। খঙৰ কোবত পোনচাটেই গাঁৱৰ এটা দ কুঁৱাত জঁপিয়াই পৰে ক্ষুব্ধ পত্নীয়ে। কিন্তু মৃত্যুৰ মুখামুখি হৈও মহিলাগৰাকীৰ স্পষ্ট চৰ্ত- স্বামীয়ে ৰাজহুৱাভাৱে হাতযোৰ কৰি ক্ষমা নিবিচৰালৈকে তেওঁ কোনো কাৰণতে কুঁৱাৰ পৰা ওলাই নাহে।
শিৱপুৰীৰ দিনাৰা থানাৰ অন্তৰ্গত সহৰীয়া গাঁৱত সংঘটিত হয় এই ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি, স্বামী-স্ত্ৰীৰ মাজত প্ৰায়েই বিভিন্ন কথাক লৈ তীব্ৰ বাকযুদ্ধ হৈছিল। মহিলাগৰাকীৰ অভিযোগ, স্বামী যেতিয়াই বাহিৰলৈ ওলাই যায়, তেতিয়াই ঘৰৰ মূল দুৱাৰখন বাহিৰৰ পৰা তলা মাৰি যায়। এই কাৰ্যত অতিষ্ঠ হৈ চৰম ক্ষোভত মহিলাগৰাকীয়ে ওচৰৰে এটা দ কুঁৱাত জাঁপ দিয়ে।
পত্নীক কুঁৱাত জঁপিয়াই পৰা দেখি আতংকিত স্বামীয়ে ততাতৈয়াকৈ কুঁৱাৰ ভিতৰলৈ এডাল ৰছী পেলাই দিয়ে। মহিলাগৰাকীয়ে ৰছীডাল ধৰি পানীত ডুব নোযোৱাকৈ ৰৈ থাকে যদিও ওপৰলৈ উঠিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰে। চিঞৰ-বাখৰ শুনি গাঁৱৰ ৰাইজ ঘটনাস্থলীত সমবেত হয় আৰু কুঁৱাত ৰছীৰে এখন খাট ওলোমাই দিয়ে। কিন্তু স্বামীয়ে সমবেত ৰাইজৰ সন্মুখত ক্ষমা নোখোজা পৰ্যন্ত তেওঁ কুঁৱাৰ পৰা নোলায় বুলি জেদ ধৰি থাকে।
অৱশেষত উপায়ন্তৰ হৈ উপস্থিত গাঁওবাসীৰ সন্মুখতেই স্বামীয়ে নিজৰ ভুল স্বীকাৰ কৰি পত্নীৰ ওচৰত ক্ষমা বিচাৰিবলৈ বাধ্য হয়। স্বামীৰ ক্ষমা প্ৰাৰ্থনাৰ পিছতহে মহিলাগৰাকীয়ে খাটখনত উঠি কুঁৱাৰ পৰা সুৰক্ষিতভাৱে ওলাই আহে। ইফালে, দিনাৰা থানাৰ আৰক্ষী বিষয়া সুধীৰ কুশৱাহাই জনোৱা মতে, এই ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে কোনো পক্ষই আৰক্ষীৰ ওচৰত আনুষ্ঠানিক অভিযোগ দাখিল কৰা নাই।




