
নিশাৰ অন্ধকাৰতো পণ্যৰ দৰে বিক্ৰী হ’ব সূৰ্যৰ কিৰণ! ভাৰতীয় ৰকেটৰ সহায়ত মহাকাশত অভিলাষী প্ৰকল্প আমেৰিকান ষ্টাৰ্টআপৰ
ৱাশ্বিংটনঃ বিজ্ঞান আৰু প্ৰযুক্তিৰ অভূতপূৰ্ব অগ্ৰগতিৰ ফলত এতিয়া নিশাৰ অন্ধকাৰতো পণ্যৰ দৰে বিক্ৰী হ’ব সূৰ্যৰ কিৰণ! পৃথিৱীৰ বুকুত নিশাৰ ভাগত সূৰ্যৰ পোহৰৰ যোগান ধৰিবলৈ এক ব্যতিক্ৰমী মহাকাশ প্ৰকল্প গ্ৰহণ কৰিছে আমেৰিকাৰ এটা প্ৰযুক্তি প্ৰতিষ্ঠানে। আমেৰিকাৰ এই উচ্চাভিলাষী মহাকাশ মিছন সফল কৰি তুলিবলৈ নিৰ্বাচন কৰা হৈছে ভাৰতৰ আগশাৰীৰ এৰ’স্পেচ ষ্টাৰ্টআপ স্কাইৰুট এৰ’স্পেচক। হায়দৰাবাদস্থিত স্কাইৰুটৰ বিক্ৰম ৰকেটৰ সহায়ত মহাকাশলৈ বিশাল আয়নাযুক্ত উপগ্ৰহ প্ৰেৰণৰ বাবে ইতিমধ্যে দুয়োটা সংস্থাৰ মাজত স্বাক্ষৰিত হৈছে বাণিজ্যিক চুক্তি।
কেলিফৰ্ণিয়াৰ ‘ৰিফ্লেক্ট অৰ্বিটেল’ নামৰ মহাকাশ প্ৰযুক্তি সংস্থাটোৱে পৃথিৱীৰ নিৰ্দিষ্ট স্থানত প্ৰয়োজন অনুসৰি নিশাৰ পোহৰ যোগান ধৰাৰ বাবে এক বিশেষ উপগ্ৰহ সমষ্টি সাজু কৰিছে। মহাকাশত স্থাপন কৰিবলগীয়া এই বৃহৎ আকাৰৰ প্ৰতিফলিত আয়নাৰ জৰিয়তে প্ৰায় পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাত নিয়ন্ত্ৰিতভাৱে সূৰ্যৰ পোহৰ প্ৰেৰণ কৰাৰ লক্ষ্য লোৱা হৈছে। এই পোহৰে দুৰ্যোগপীড়িত অঞ্চলত উদ্ধাৰ অভিযান ত্বৰান্বিত কৰাৰ লগতে সৌৰশক্তি কেন্দ্ৰসমূহত নিশাৰ ভাগতো বিদ্যুৎ উৎপাদন অব্যাহত ৰখাত সহায় কৰিব বুলি প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰে।
ভাৰতীয় এৰ’স্পেচ সংস্থা স্কাইৰুটৰ সৈতে সম্পন্ন হোৱা চুক্তিমতে, দুটা পৰ্যায়ত এই উপগ্ৰহসমূহ মহাকাশৰ কক্ষপথলৈ প্ৰেৰণ কৰা হ’ব। প্ৰথমটো উৎক্ষেপণত বিক্ৰম-১ ৰকেট ব্যৱহাৰ হোৱাৰ বিপৰীতে দ্বিতীয়টো উৎক্ষেপণত ব্যৱহাৰ কৰা হ’ব অধিক শক্তিশালী আৰু উন্নত বিক্ৰম-১ ইউ ৰকেট। মহাকাশ প্ৰযুক্তিৰ নব্য উদ্ভাৱনক পৃথিৱীৰ মানৱ কল্যাণৰ বাবে ব্যৱহাৰ কৰিবলৈ পাই উৎসাহিত হৈ পৰা বুলি সামাজিক মাধ্যমত ব্যক্ত কৰে স্কাইৰুটৰ মুখ্য কাৰ্যবাহী পৱন চন্দনাই।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৯৯৩ চনত ৰাছিয়াৰ বিজ্ঞানীসকলে মহাকাশত ৬৫ ফুট দৈৰ্ঘ্যৰ আয়না স্থাপন কৰি পৃথিৱীলৈ সূৰ্যৰ পোহৰ প্ৰেৰণৰ এক পৰীক্ষামূলক প্ৰকল্প ৰূপায়ণ কৰিছিল। কিন্তু ধনৰ অভাৱত ‘ঝনাম্যা’ নামৰ সেই পৰীক্ষাটো সাময়িকভাৱে স্থগিত ৰাখিবলগীয়া হয়। এতিয়া আমেৰিকাৰ ফেডাৰেল কমিউনিকেচন কমিছনৰ অনুমোদন লাভ কৰি ৰিফ্লেক্ট অৰ্বিটেলে এই প্ৰকল্প বাস্তৱায়িত কৰিবলৈ আগবাঢ়িছে যদিও আন্তঃৰাষ্ট্ৰীয় পৰিৱেশবিদসকলৰ মাজত ইয়াৰ তীব্ৰ বিৰোধিতাও আৰম্ভ হৈছে। নিশাৰ এনে কৃত্ৰিম পোহৰে বন্যপ্ৰাণীৰ জৈৱিক ছন্দ, জ্যোতিৰ্বিজ্ঞান চৰ্চা আৰু মানৱ দেহত বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকাক লৈ এই প্ৰকল্প বাতিলৰ দাবীত সৰৱ হৈ পৰিছে কেইবাটাও পৰিৱেশ সংৰক্ষণ সংস্থা।




