অসমঅসমীয়া

মেঘালয়ত হিন্দুৰ উপাসনাস্থলীত নিষেধাজ্ঞা আৰোপৰ বিৰুদ্ধে সতৰ্কবাণী সত্যৰঞ্জন বৰাৰ

নিউজ ডেস্কঃ মেঘালয়ৰ সুপ্ৰসিদ্ধ পৰ্যটনস্থলী মাউজিম্বুইন গুহাত হিন্দু বিশ্বাসীৰ পূজা-অৰ্চনা নিষিদ্ধ কৰাৰ বিৰুদ্ধে পথ অৱৰোধ কৰিব হিন্দু সংগঠন কুটুম্ব সুৰক্ষা পৰিষদে। মঙলবাৰে সংবাদমেল পাতি এই হুংকাৰ প্ৰদান কৰিছে হিন্দু সংগঠনটোৰ সভাপতি তথা হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই।

Shiva

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এই সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্যৰঞ্জন বৰাই কয়, ‘‘মেঘালয় ৰাজ্য কৰ্তৃপক্ষৰ পৰা উত্তৰ আমাক লাগে। নহ’লে ইয়াত অসমত মেঘালয় চৰকাৰে প্ৰতিবাদৰ সন্মুখীন হ’ব লাগিব। যোৰাবাট (গুৱাহাটী) হৈ মেঘালয়লৈ যোৱা পথ বা গোৱালপাৰাৰ পাইকান আৰু বাকী সকলো পথ অৱৰোধৰ দৰে পৰিস্থিতিৰো সৃষ্টি হ’ব পাৰে।”

উল্লেখ্য যে, মাউজিম্বুইন গুহাত থকা এটা প্ৰাকৃতিক শিলৰ গঠন ‘শিৱ লিংগ’ বুলি বিশ্বাস কৰি আহিছে হিন্দু আস্থাভাজনসকলে। সেই অনুসৰি, চলিত শাওন মাহৰ ব’ল বমৰ সময়তে একাংশ হিন্দু গোটে সেই গুৱাত পূজা-অৰ্চনা কৰাৰ অনুমতি বিচাৰিছিল। কিন্তু মাউজিম্বুইন গুহা কেৱল এক পৰ্যটনস্থলীহে, কোনে ধৰ্মীয় উপাসনাৰ স্থলী নহয় বুলি মন্তব্য কৰি গুহাত পূজা-অৰ্চনাত নিষেধাজ্ঞা ঘোষণা কৰে মৌছিনৰাম দৰবাৰ শ্বনঙে।

Satyaranjan Bora

যোৱা ১ আগষ্টত মৌছিনৰাম দৰবাৰ শ্বনঙে এই নিষেধাজ্ঞা ঘোষণা কৰাৰ পিছত দৰবাৰ শ্বনঙৰ সিদ্ধান্তক সমৰ্থন জনাইছে খাছী ষ্টুডেণ্ট ইউনিয়নৰ দৰে ছাত্ৰ সংগঠনেও। ৫ আগষ্টত ছাত্ৰ সংগঠনটোৱে দৰবাৰ শ্বনঙৰ সিদ্ধান্তলৈ মুকলি সমৰ্থন আগবঢ়াই কয় যে মাউজিম্বুইন গুহাত কোনো ধৰ্মৰ উপাসনা মানি লোৱা নহয়।

ইফালে দৰবাৰ শ্বনঙৰ এই সিদ্ধান্তৰ পিছতে ক্ষোভ জাহিৰ কৰা দেখা গৈছে একাংশ হিন্দু গোটক। মঙলবাৰে গুৱাহাটীত কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্যৰঞ্জন বৰাই কয়, “আমি তেওঁলোকৰ হিন্দু বিৰোধী কাৰ্য্যৰ প্ৰতি আমাৰ প্ৰতিক্ৰিয়া মাত্ৰ দিছো। যদি আমি একচন লওঁ, তেওঁলোকে আনকি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈও সময় নাপাব।” খ্ৰীষ্টান মিছনেৰীৰ দ্বাৰা পৰিচালিত মেঘালয়ত হিন্দুৰ উপাসনাস্থীলত নিষেধাজ্ঞা আৰোপ কৰাটো ধেমালি নহয় বুলিও মন্তব্য কৰে বৰাই।

বৰাই লগতে কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়; আৰু ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ কাৰ্যালয়ে মেঘালয়ৰ মুখ্যমন্ত্ৰীক তেওঁলোকৰ চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ ক’ব লাগে। তদুপৰি আমি মেঘালয় চৰকাৰক এই নিষেধাজ্ঞা শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছো আৰু পবিত্ৰ শাওন মাহ উপলক্ষে হিন্দুসকলে যাতে শিৱ লিংগত পূজা-অৰ্চনা কৰিব পাৰে, তাৰ উপযুক্ত ব্যৱস্থা কৰক।

প্ৰাচীন কালত মাউজিম্বুইন গুহাৰ প্ৰাকৃতিভাৱে গঠিত শিৱ লিংগ মেঘালয়ৰ হিন্দু ধৰ্মাৱলম্বীসকলৰ পূজা আৰু সাধনাৰ স্থল আছিল বুলিও দাবী কৰে সত্যৰঞ্জন বৰাই। তেওঁ কয়, ‘অতীজৰে পৰা সেই স্থান হিন্দু সকলৰ পূজাৰ থল হৈ আহিছে। বিশেষকৈ শাওন মানত প্ৰতি বছৰে বৃহৎ সংখ্যক লোকে ভগৱান শিৱৰ আৰধানা কৰিবলৈ সেই স্থানলৈ আহে।’

বৰাই লগতে কয়, ”অসমৰ কামাখ্যা মন্দিৰ, মধ্যপ্ৰদেশৰ উজ্জীৱনৰ মহাকালেশ্বৰ মন্দিৰ আৰু অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি বালাজী মন্দিৰ হিন্দু ঐশ্বৰিক পূজাস্থলী। এই সকলোবোৰ স্থান নিজ নিজ ৰাজ্যৰ বাবে পৰ্যটনৰ উল্লেখযোগ্য স্থান। তেন্তে মাউজিম্বুইন গুহা হিন্দুৰ ঐশ্বৰিক পূজাস্থলী হোৱাৰ পিছত কিয় পৰ্যটনৰ স্থান হ’ব নোৱাৰে? মই ভাবো যে ই পৰ্যটনৰ কথা নহয়; মেঘালয় ৰাজ্যৰ হিন্দু বিশ্বাস আৰু সংস্কৃতিক বদনাম আৰু ধ্বংস কৰাৰ বাবে খ্ৰীষ্টান মিছনেৰীসকলৰ ষড়যন্ত্ৰৰ বিষয়।’’

লগতে চাওকঃ

চুবুৰীয়া এইখন ৰাজ্যৰ এটা প্ৰসিদ্ধ ‘শিৱ লিংগ’ত নিষিদ্ধ ব’ল বমৰ পূজা-অৰ্চনা, কিন্তু কিয়?

siv

NEWS DESK

Our NEWS DESK is a dedicated team of senior local reporters.

Leave a Reply

Your email address will not be published. Required fields are marked *