এতিয়াৰে পৰা ভাৰতীয় হ’ল ‘বাংলাদেশী’ দুলন! CAAৰ অধীনত নাগৰিকত্ব লাভ কৰা প্ৰথমজন বাংলাদেশী…

নিউজ ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদে কঁপাইছিল সমগ্ৰ দেশ। এই আইনখন বিধেয়ক হৈ থকা সময়তে গুৱাহাটীৰ ৰাজপথত সাব্যস্ত হোৱা প্ৰতিবাদত প্ৰাণ আহুতি দিছিল ৫ জনকৈ চফল অসমীয়াই। প্ৰতিবাদ হৈছিল দিল্লীৰ শ্বাহীন বাগতো।

কিন্তু এই সকলো প্ৰতিবাদৰ পিছতো নিজৰ স্থিতিত অটল মোদী চৰকাৰে দেশত গৃহীত কৰিছিল নাগৰিকত্ব সংশোধনী আইন। ইয়াৰে চাৰি বছৰ পিছত অৰ্থাৎ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ঠিক পূৰ্বে এই আইন কাৰ্যকৰী কৰাৰ ঘোষণা কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

আৰু এতিয়া, নাগৰিকত্ব সংশোধনী আইনৰ অধীনত প্ৰথমজন বাংলাদেশী নাগৰিকক প্ৰদান কৰা হ’ল ভাৰতীয় নাগৰিকত্ব। সোমবাৰে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব প্ৰদান কৰিলে বহু বছৰ পূৰ্বে কাঁটা তাঁৰ পাৰ হৈ অবৈধভাৱে অসমত প্ৰৱেশ কৰি শিলচৰত নিগাজিকৈ খোপনি পোতা দুলন দাসে।

১৯৮৮ চনত বাংলাদেশৰ চিলেটৰ পৰা অসমলৈ অনুপ্ৰৱেশ কৰিছিল বৰ্তমান ৫০ বৰ্ষীয় দুলন দাসে। মোদী চৰকাৰে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰাৰ পিছত ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰা দুলন দাসে যোৱা সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ পৰা লাভ কৰিলে সুখবৰটো। তেওঁ কয় যে গৃহ মন্ত্ৰণালয়ে তেওঁলৈ এক মেছেজ প্ৰেৰণ কৰি তেওঁক গুৱাহাটীৰ আঞ্চলিক পাছপ’ৰ্ট কাৰ্যালয়লৈ গৈ নাগৰিকত্বৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিবলৈ কয়।

লগতে পঢ়কঃ USTMত ‘জেহাদৰ বাপ’ চলি আছে! USTMলৈ গ’লে কিয় মক্কালৈ যোৱা যেন লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ?

এই আইনখন গৃহীত হোৱাৰ চাৰি বছৰৰ পাছত এপ্ৰিল মাহত দাসে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছিল, যেতিয়া CAAৰ নিয়ম অধিসূচনা কৰা হৈছিল। ১৯৮৮ চনত তেওঁৰ পৰিয়ালটো কেইবাবাৰো প্ৰচেষ্টাৰ অন্তত প্ৰৱেশ কৰিছিল অসমত। ১৯৯৬ চনৰ পৰা অসমত ভোটদান কৰি অহা দাসে পৰিয়ালৰ সদস্যৰ হাতত আধাৰ কাৰ্ডৰ দৰে নথি-পত্ৰ আছে। পৰিয়ালৰ সদস্যৰ বংশাৱলী প্ৰতিষ্ঠা কৰাটো অসম্ভৱ হোৱাৰ বাবেই তেওঁ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বাবে আৱেদন নকৰিলে। ১৯৭১ চনৰ পিছত ভাৰতলৈ অহাৰ পিছত CAA ৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন কৰিছিল দাসে।

হিন্দু এন আৰ চিৰ আৱেদনকাৰীক সহায় কৰা শিলচৰৰ এগৰাকী অধিবক্তাই ইয়াৰ বাবে আবেদন নকৰিবলৈ আৰু CAAলৈ অপেক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে। দুটি সন্তানৰ পিতৃ দাসে ২০০০ চনৰ আৰম্ভণিতে শিলচৰত মাটি ক্ৰয় কৰিছিল আৰু একে সময়ছোৱাতে ড্ৰাইভিং লাইচেন্স লাভ কৰিছিল।

নাগৰিকত্ব প্ৰক্ৰিয়াত আৰক্ষীৰ পৰীক্ষণ অন্তৰ্ভুক্ত হোৱাৰ লগতে দাসে চিলেটত থকা নিজৰ মাটিৰ মালিকীস্বত্বৰ নথি-পত্ৰৰ দৰে নথি-পত্ৰ দাখিল কৰে।

লগতে পঢ়কঃ মহা প্ৰৱঞ্চনা! অনলাইন এপত ট্ৰেডিং কৰি সৰ্বস্বান্ত ৰাজ্যৰ শ শ লোক, এনে এপত নাকী লগাব কোনে?

দাসৰ অধিবক্তাই কয় যে তেওঁলোকে আন এটা বিকল্প বিচাৰিছে কাৰণ দাসৰ বাবে ৩০০ কিলোমিটাৰ দূৰৈৰ গুৱাহাটীলৈ গৈ প্ৰমাণপত্ৰ লোৱাটো কঠিন হ’ব।

দাসক অধিবক্তা হিচাপে প্ৰতিনিধিত্ব কৰা বিদেশী ন্যায়াধিকৰণ-৪, শিলচৰৰ প্ৰাক্তন সদস্য ধৰ্মানন্দ দেৱে কয় যে সমগ্ৰ অসমতে CAAৰ অধীনত নাগৰিকত্বৰ বাবে আঠজন লোকে আবেদন কৰিছে। “…এতিয়ালৈকে আৰু দুজনে আঁতৰি গৈছে।”

সাংবাদিকৰ আগত দেৱে কয় যে অসমৰ পৰা CAA ৰ অধীনত ছটা আৱেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰ্য্যালোচনা চলি আছে আৰু ইয়াৰে চাৰিটাত অতি সোনকালে নাগৰিকত্ব লাভৰ বাবে নথি-পত্ৰ আছে।

সাধাৰণ নিৰ্বাচনৰ পূৰ্বে মাৰ্চ মাহত কেন্দ্ৰীয় চৰকাৰে CAA নিয়মৰ বিষয়ে অৱগত কৰিছিল। কম আবেদনৰ কাৰণ হিচাপে সজাগতাৰ অভাৱৰ কথা উল্লেখ কৰা হৈছে।

২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা অমুছলমানসকলৰ নাগৰিকত্ব প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ বাবে ২০১৯ চনত CAA গৃহীত হৈছিল। নিয়মৰ অধিসূচনাই চুবুৰীয়া তিনিখন দেশৰ অবৈধ অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদানৰ পথ মুকলি কৰি দিছে। নিয়মৰ অধিসূচনাৰ লগে লগে এই আইনখন বলবৎ হয়।

Leave a Comment