নিউজ ডেস্কঃ মুখত হিন্দু-মুছলমানৰ নাম নল’লে ভাত হজম নোহোৱা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গুৱাহাটীৰ কৃত্ৰিম বান প্ৰংসগত মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় (ইউএছটিএম)ক জগৰীয়া এইবাৰ চিধাই প্ৰসংগক টানি লৈ গ’ল হিন্দু-মুছলমানৰ মাজলৈ।
ইউ এছ টি এমলৈ গ’লে মক্কালৈকে গৈছো নে গুৱাহাটীতে আছো ধৰিবই নোৱাৰি বুলি মন্তব্য কৰি বিশ্ববিদ্যালয়খনৰ মালিক মুছলমান হোৱাৰ বাবেই কংগ্ৰেছে তেওঁলোকৰ পক্ষ লৈছে বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।
ইফালে সাংবাদিক সন্মুখত এইবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰসংগও টানি আনিলে হিমন্ত বিশ্ব শৰ্মাই। তৰুণ গগৈয়ে ২৫ গুৱাহাটীৰ কৃত্ৰিম বানৰ বাবে যোৰাবাটক জগৰীয়া কৰি গৈছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ”তৰুণ গগৈয়েই গুৱাহাটীৰ কৃত্ৰিম বানৰ কাৰণ যোৰাবাট বুলি কৈছিল। তেওঁ কোৱা কথাৰ ২৫ খন পেপাৰ কাটিং এতিয়ালৈকে মই উলিয়াইছো। তেওঁতো অখিল গগৈকো জগৰীয়া কৰি থৈ গৈছো, কিন্তু সেইটো এটা বেলেগ বিষয়, মই ক’বলৈ নাযাও। মইতো তৰুণ গগৈয়ে কোৱা কথাকেই কৈছো।’’
গৌৰৱ গগৈক যুৱৰাজ বুলি আখ্যা দি হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, ‘এতিয়া বাপেকে কোৱা কথা পুতেকে ভুল বুলি ক’লে মই কি কম? বাপেকে কোৱা কথাটোকে মই ৰিপিট কৰিছো, তাৰ বাবেও মোক গালি দিব। মই কি বেণ্ড পাৰ্টি নেকি যে বজাই থাকিব, মই কি ঢোল নেকি। নিজৰ দেউতাকে কোৱা কথাটো সন্মান কৰিব লাগে।’’
ইউ এছ টি এম উত্তৰ-পূবৰ গৌৰৱ হ’ব পাৰে, কিন্তু অসমৰ গৌৰৱ নহয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে। তেওঁ কয়, ”তালৈ গ’লে মক্কালৈ গৈছে নে গুৱাহাটীলৈ গৈছে গমেই নাপায়। সেইখন হ’ব পাৰে উত্তৰ-পূবৰ গৌৰৱ, কিন্তু অসমৰ গৌৰৱ নহয়, অসমৰ সংকট।’’
ইউ এছ টি এমৰ বিশাল অডিটৰিয়াম দেখিয়েই গুৱাহাটীত ৫০০০ আসনযুক্ত হল নিৰ্মাণ কৰাৰ প্ৰতিজ্ঞা কৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ কয়, ”মই যেতিয়া তাৰ অডিটৰিয়ামটো দেখিলো, তেতিয়া ভাৱিলো যে মানুহে এই অডিটৰিয়ামটোৰ লোভত তেওঁলোকৰ ওচৰত আত্মসমৰ্পণ কৰিব। সেই কাৰণে মই মনে মনে আহি খানাপাৰাত তাতকৈ ডাঙৰ অডিটৰিয়াম এটা নিৰ্মাণৰ প্ৰতিজ্ঞা ল’লো। মই মানুহটো অলপ বেলেগ ধৰণৰ হয়।’’
ইউ এছ টি এমৰ মালিক মুছলমান নহৈ হিন্দু হোৱা হ’লে কংগ্ৰেছে ইমান লম্ফ জম্ভ নকৰিলেহেঁতেন বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। ইউ এছ টি এমত মক্কাৰ তলেৰে যাবলৈ লাজ লাগে বুলি মন্তব্য কৰি শৰ্মাই কয়, ”অসমত তিনিটা সম্প্ৰদায় আছে, তাত কিয় অকল মক্কাহে নিৰ্মাণ কৰা হ’ল? কংগ্ৰেছে ক’লে নেকি যে তাত বৰদোৱাৰ গেট এখনো বনাওক বা ডনস্ক’ৰ চাৰ্ছ এখনো বনাওক। এইখন কেনেকৈ অসমৰ গৌৰৱ হ’ল?’’
ইউ এছ টি এমত ‘জেহাদৰ বাপ’ কৰি আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তাত আমাৰ শিক্ষা ব্যৱস্থাটো ধ্বংস কৰি আছে। তেওঁ কয়, ” জেহাদ মই কম কৈছো। তাত যদি আমাৰ বৰদোৱাৰ সংস্কৃতি থাকিলেহেঁতেন গৈ ভাল লাগিলহেঁতেন, কিন্তু এটা ধৰ্ম কিয়? এয়া জেহাদ নহ’ল নেকি?’’
ইউ এছ টি এমৰ পাহাৰ মেঘালয়ৰ ফালে নাকাটি কিয় অসমৰ ফালে কাটিছে তাক লৈও প্ৰশ্ন কৰে হিমন্ত বিশ্ব শৰ্মাই। কথাৰ মাজতে সংবাদ মাধ্যমকো নীতি শিক্ষা দিয়ে মুখ্যমন্ত্ৰীয়ে। জাতিৰ প্ৰতি সংবাদ মাধ্যমৰো আত্ম অভিমান থাকিব লাগে বুলি মন্তব্য কৰি তেওঁ কয়, ”আপোনালৈকে এনেকৈ অসমখনক ক’লৈ লৈ যাব বিচাৰিছে আপোনালোকে। অলপতো জাতিৰ প্ৰতি আত্ম অভিমান থাকিব লাগে। মিডিয়া-পৰ্টেলবোৰ এনেকুৱা হৈ গ’লে অসমখন ক’ত থাকিব, মই অকলে বচাব পাৰিম নেকি?’’
ইউ এছ টি এমত সৰ্ব ধৰ্মৰ সমান সন্মান প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক প্ৰশ্ন কৰে- ইউ এছ টি এমৰ মালিকজন যদি হিন্দু হ’লহেঁতেন তেতিয়া কি হ’লহেঁতেন? ইউ এছ টি এমৰ মালিক যদি ৰিণিকি ভূঞা হোৱা হ’লে কি কৰিলেহেঁতেন?’’
লগতে চাওকঃ মেঘালয়ত হিন্দুৰ উপাসনাস্থলীত নিষেধাজ্ঞা আৰোপৰ বিৰুদ্ধে সতৰ্কবাণী সত্যৰঞ্জন বৰাৰ