নিউজ ডেস্কঃ ঘৰতে বহি অনলাইনত ধন ঘটাৰ লোভ সামৰিব নোৱাৰি দেওলীয়া হ’ল অসমৰ বহু লোক। এদিন মানুহৰ মুখে মুখে চৰ্চা চলিছিল এটা অনলাইন ট্ৰেডিং এপৰ। নাম- ৱাই বি ৱাই ট্ৰেডিং। দৈনিক ৬ শতাংশ লাভৰ লালসাত পৰি অন্য কাম-বন এৰি ৱাই বি ৱাইত জমা ধন বিনিয়োগ কৰি অনলাইন ট্ৰেডাৰ হৈ পৰিছিল বহু যুৱক-যুৱতী।
চহৰে নগৰে সাধাৰণ লোকক কোটিপতি হোৱাৰ সপোন দেখুওৱা ৱাই বি ৱাই ট্ৰেডিং এপত ১ লাখ টকা বিনিয়োগ কৰি এমাহত বিনয়োগকাৰীয়ে লাভ কৰিছিল ১ লাখ ৮০ হাজাৰ টকা। সহজতে লাভ কৰা এই ধনে আকৰ্ষিত কৰিছিল বহু যুৱক-যুৱতী, গৃহণী, অন্য কৰ্মত নিয়োজিত সকলোকে।
কোনোৱে যদি বেংকৰ পৰা ঋণ লৈ, আন কোনেৱে আকৌ পৈত্তৃক সম্পতি বিক্ৰী কৰি হ’লেও ধন ঘটাৰ স্বাৰ্থত বিনিয়োগ কৰিছিল ৱাই বি ৱাই।

অনলাইন ট্ৰেডিং এপ ৱাই বি ৱাইত অধিক লাভৰ আশাৰে ধন বিনিয়োগ কৰিছিল ৰাজ্যৰ বহু নিবনুৱা যুৱক-যুৱতী, দুখীয়া-নিচলা লোকে। কিন্তু এতিয়া সেই লাভৰ আশাতে সৰ্বস্ৰান্ত হৈ পৰিল বহু লোক। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ প্ৰস্তুতি এৰি ৱাই বি ৱাইত বিনিয়োগত নামি পৰিছিল বহু যুৱক-যুৱতী। গাঁৱে-ভূঞে, পথাৰে-বজাৰে সকলোতে কেৱল আৰম্ভ হৈছিল ৱাই বি ৱাইৰ চৰ্চা।
এমাহ মানলৈ প্ৰতিদিনে ৬ শতাংশকৈ লাভ ঠিকেই লাভ কৰিছিল বিনিয়োগকাৰীয়ে। যাৰ বাবে ক্ৰমান্বয়ে এই ট্ৰেডিং এপটোৰ প্ৰতি বাঢ়ি আহিছিল বিনয়োগকাৰীৰ লালসা। পৰিণাস্বৰূপে বহু বিনিয়োগকাৰীয়ে পত্নী, পুত্ৰ, সম্পৰ্কীয়ৰ নামতো ৱাই বি ৱাইত একাউণ্ট খুলি ডিপজিট কৰে সমুদায় ধন।
কিন্তু এদিন বন্ধ হৈ পৰিল এই সোণৰ কণী পৰা হাঁহ। লগে লগে হাহাকাৰ আৰম্ভ হয় এই এপটোত বিনয়োগ কৰা শ শ বিনিয়োগকৰাৰী মাজত। লাভৰ লালসাত নিজৰ সমুদায় ধন ৱাই বি ৱাই নামৰ ট্ৰেডিং এপটোত বিনিয়োগ কৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিনিয়োগকাৰীসকলৰ বাবে এখন জাননী প্ৰকাশ কৰে এপটোৰ কৰ্তৃপক্ষই।
ট্ৰেডিং এপটোৰ কৰ্তৃপক্ষই জাননীত উল্লেখ কৰে যে, ৬০০০ টকা ভৰি কে ৱাই চি আপডেট কৰিলেহে পূৰ্বৰ দৰে বিনিয়োেগ আৰু উইড্ৰ’ৰ সুবিধা লাভ কৰিব একাউণ্টধাৰীসকলে। ৱাই বি ৱাই এপ কৰ্তৃপক্ষৰ এই জাননীৰ পিছতে এপটোৰ জালিয়াতিৰ কথা বুজিবলৈ বাকী নাথাকিল বিনয়োগকাৰীসকলৰ।
উল্লেখ্য যে, অনিৰাম বসুমতাৰীয়ে নিৰ্মাণ কৰা এই ৱাই বি ৱাই ট্ৰেডিং এপত ইতিমধ্যে ডেৰশ কোটিৰো অধিক টকা বিনিয়োগ কৰিছিল বিশ্বনাথ, গহপুৰ আদিৰ শ শ লোকে। কিন্তু এতিয়া তেওঁলোকে সেই ধন ঘূৰাই পোৱাৰ আশা সমুলঞ্চে বাদ দিছে। ৬০০০ টকা ভৰি কে ৱাই চি আপডেট কৰিলেও যে তেওঁলোকে তেওঁলোকৰ জমা ধনখিনি ওভতাই পাব সেই নিশ্চয়তা ল’ব পৰা নাই কোনেও।
লগতে পঢ়কঃ আদালতৰ মজিয়া পালেগৈ মেঘালয়ৰ হিন্দু উপাস্থলীত আৰোপ কৰা নিষেধাজ্ঞা, ১৪ আগষ্টত হ’ব শুনানি
একাংশ বিনিয়োগকাৰীয়ে নিজৰ কপালকে ধিয়াইছে এতিয়া। ট্ৰেডিং এপটোত নিজৰ সকলো জমাধন বিনয়োগ কৰি এতিয়া সৰ্বস্ৰান্ত হোৱা গহপুৰৰ এজন যুৱকে কয়, ”ভুল আমাৰে, আমিয়ে আগ-পিছ নোচোৱাকৈ টকা কেইটামানৰ কাৰণে ৱাই বি ৱাইত একাউণ্ট খুলিছিলো। কিন্তু এনে এপৰ ওপৰত প্ৰশাসন আৰু আৰ বি আইয়েও চকু দিব লাগে। সেই সময়তে এই এপটো যে ভুৱা সেই কথা কোৱা হ’লে আমি বিনিয়োগেই নকৰিলোহেঁতেন। কিন্তু এতিয়া নিৰূপায়।’’
ৱাই বি ৱাইৰ প্ৰৱঞ্চনাৰ বলি হৈ ভৱিষ্যতে আন কোনো ট্ৰেডিং এপতে বিনিয়োগ নকৰাৰ প্ৰতিশ্ৰুতি লৈছে ৰাজৰ শ শ ভুক্তভোগীয়ে। লাভৰ আশাত এনে ট্ৰেডিং এপক বিশ্বাসত নল’বলৈ আনকো আহ্বান জনাইছে তেওঁলোকে।



