নিউজ ডেস্ক। এক অতি কৰুণ ঘটনা।
মৎস্য চিকাৰ প্ৰতিযােগিতাৰ (Fishing Competition) বাবে সৃষ্টি হােৱা তীব্ৰ যান-জঁটৰ ফলত বন্ধ হৈ পৰা ৰাজপথত আবদ্ধ এম্বুলেন্সৰ (Ambulance) ভিতৰতে সন্তান প্ৰসৱ এগৰাকী মহিলাৰ।
চিকিৎসালয়লৈ নিয়াৰ পথত এম্বুলেন্সত সন্তান প্ৰসৱ হােৱাৰ পিছতে যান-জঁটৰ (Traffic Jam) বাবে সময়মতে চিকিৎসালয়ত উপস্থিত হ’ব নােৱাৰাৰ বাবে এম্বুলেন্সতে ছটফটাই মৃত্যুবৰণ কৰিলে সদ্যােজাত শিশুৱে।
Our Telegram Channel : | LINK |
এই অতি মৰ্মান্তিক ঘটনা সংঘটিত হ’ল প্ৰতিবেশী ৰাজ্য মেঘালয়ৰ (Meghalaya) পশ্চিম খাছী পাহাৰ (Wesh Khasi Hills) জিলাৰ চেখলং গাঁৱৰ পেম্ফীৰনাই অঞ্চলত।
উল্লেখ্য যে নংষ্টােইন-শ্বিলঙ (Nongstoin-Shillong Highway) ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা গাওঁখনৰ পুখুৰীত কােনাে ধৰণৰ প্ৰশাসনিক অনুমতি অবিহনেই উদ্যােক্তাসকলে স্থানীয় মৎস্য চিকাৰ প্ৰতিযােগিতা অনুষ্ঠিত কৰিছিল।
প্ৰতিযােগিতাত পশ্চিম খাছী পাহাৰ জিলাৰ উপৰি সমীপৱৰ্তী জিলাৰ পৰাও শ শ লােকে অংশগ্ৰহণ কৰাৰ উপৰি প্ৰতিযােগিতাস্থলীত উপস্থিত হৈছল সহস্ৰাধিক দৰ্শক।
ইয়াৰ ফলত ঘাইপথৰ ওপৰত সৃষ্টি হৈছিল ভয়ংকৰ যান-জঁট, য’ত আবদ্ধ হৈ পৰিছিল প্ৰসূতি মহিলাগৰাকী কঢ়িওৱা শ্বিলং অভিমুখী এম্বুলেন্সৰ লগতে শ শ যান-বাহন।
আৰক্ষী-প্ৰশাসনৰ অজ্ঞাতে অনুষ্ঠিত এই প্ৰতিযােগিতাত উদ্যােক্তাসকলৰ খাম খেয়ালীৰ বাবেই কৰুণভাৱে মৃত্যুক আঁকােৱালি ল’লে এটি নৱজাতকে, লগতে জীৱন-মৃত্যুৰে যুঁজ দিছে মাতৃয়ে।
জানিব পৰা মতে, সম্প্ৰতি প্ৰসূতিগৰাকী মাইৰাঙৰ হ’লী ক্ৰ’ছ হাস্পতাল চিকিৎসাধীন হৈ আছে।
এই ঘটনাক লৈ ইতিমধ্যে ৰাজ্যখনত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিভিন্ন দল-সংগঠনৰ দাবীৰ পিছতে প্ৰশাসনে এই ঘটনাৰ তদন্ত ঘােষণাৰ লগতে উদ্যােক্তাসকলকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ঘােষণা কৰিছে।
ইতিমধ্যে উক্ত অঞ্চলটােত ধাৰা ১৪৪ বলৱৎ কৰা হৈছে।
উল্লেখ্য যে মেঘালয়ৰ বিভিন্ন জিলাত এনে মৎস্য চিকাৰ প্ৰতিযােগিতাৰ আয়ােজন কৰা হয় য’ত অংশ্ৰহণকাৰীয়ে মাচুল জমা দি পুখুৰীৰ পৰা মাছ ধৰে। সৰ্বাধিক ওজনৰ মাছ ধৰা শীৰ্ষ প্ৰতিযোগীক পুৰস্কাৰ প্ৰদান কৰে উদ্যােক্তাসকলে।
Click to follow our Facebook Page, Twitter, YouTube and Instagram. Our WhatsApp No. 60004-66608
লগতে চাওকঃ যমজ সন্তানৰ জন্মৰ আনন্দৰ মাজতে ৰেহেনাজৰ পৰিয়াললৈ নামিল কাল অমানিশা…