মেঘালয়

শ্বিলঙত আবদ্ধ লোকৰ বাবে হেল্পলাইন নম্বৰ মুকলি মেঘালয় আৰক্ষীৰ…

অধিক অৱনতি ঘটিছে মেঘালয়ৰ আইন-শৃংখলাজনিত পৰিস্থিতি।

ইতিমধ্যে ৰাজ্যখনত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ লগতে জাৰি কৰা হৈছে সান্ধ্য আইন।

মেঘালয়ৰ উগ্ৰপন্থী সংগঠন HNLCৰ প্ৰাক্তন নেতা চেষ্টাৰফিল্ড থাংখিউৰ হত্যাৰ বিৰুদ্ধে অধিক উত্তপ্ত হৈ পৰে শ্বিলং।

মেঘালয় চৰকাৰে চলিত কাৰফিউ ১৮ আগষ্টলৈ বৃদ্ধি কৰিছে। ১৮ আগষ্টৰ পুৱা ৫ বজালৈ চলিব কাৰ্ফিউ।

মেঘালয় আৰক্ষীয়ে শ্বিলঙত আৱদ্ধ লোক সকলৰ বাবে মুকলি কৰিছে হেল্প লাইন নম্বৰ।

অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে হেল্প লাইন নম্বৰ সম্পৰ্কে টুইট কৰে।

শ্বিলঙত আৱদ্ধ লোকসকলৰ বাবে মেঘালয় আৰক্ষীয়ে মুকলি কৰা হেল্পলাইন নম্বৰ কেইটা হৈছে- এছ বি কণ্ট্ৰোল ৰূম- ৯৭৭৪৬১৮৪৬২, ০৩৬৪২২২২৮৫৫ আৰু ০৩৬৪২২২৭০৫০।

শ্বিলঙৰ পুলিচ কণ্ট্ৰোল ৰূমৰ হেল্পলাইন নম্বৰ হৈছে- ৬০০৯১৯৬৪৭৯, ০৩৬৪২২২২২১৪, ০৩৬৪২২২২২১৫ আৰু ০৩৬৪২২১৫৪২৭।

Leave a Reply

Your email address will not be published. Required fields are marked *