আছাম ৰাইফলছৰ বৃহৎ সফলতা, ১ কোটি টকাতকৈও অধিক মূল্যৰ অবৈধ চুপাৰি জব্দ…

বৃহৎ পৰিমাণৰ অবৈধ চুপাৰি জব্দ আছাম ৰাইফলছৰ

আছাম ৰাইফলছৰ বৃহৎ সফলতা।

আছাৰ ৰাইফলছৰ অভিযানত মিজোৰামৰ চম্ফাই জিলাত জব্দ বৃহৎ পৰিমাণৰ অবৈধ চুপাৰি।

অভিযান কলত প্ৰায় ৪৭৫ টা বেগ অবৈধ চুপাৰি জব্দ কৰে আছাম ৰাইফলছে।

জব্দকৃত অবৈধ চুপাৰিখিনিৰ বজাৰ মূল্য প্ৰায় ১ কোটি টকাতকৈও অধিক বুলি জানিব পৰা গৈছে।

আছাম ৰাইফলছে এক বিবৃতিত কয়, ‘নিৰ্দিষ্ট তথ্যৰ ভিত্তিত ৮ নং আছাম ৰাইফলছ আৰু ২ নং আছাম ৰাইফলছৰ এটা যুটীয়া দলে অবৈধ চুপাৰিৰ বিৰুদ্ধে চলাইছিল এই অভিযান। মিজোৰামৰ চম্ফাই জিলাৰ টাংচাম অঞ্চলত চলোৱা এই অভিযানত উদ্ধাৰ হোৱা চুপাৰিখিনিৰ আনুমানিক মূল্য হ’ব ১,০১,৮৮,৭৫০ টকা।’

আছাম ৰাইফলছে লগতে কয়, ‘চুপাৰিৰ চলিত চোৰাং ব্যৱসায় মিজোৰাম ৰাজ্যৰ বাবে বিশেষকৈ ভাৰত-ম্যানমাৰ সীমান্তৰ বাবে চিন্তাৰ এক মুখ্য কাৰণ হৈ পৰিছে।’

উল্লেখ্য যে সুৰক্ষা বাহিনীয়ে সাম্প্ৰতিক সময়ত মিজোৰামৰ চম্ফাই জিলাত অবৈধ পদাৰ্থৰ বৃহৎ পৰিমাণৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে।

Leave a Comment