অসম

অখিল গগৈয়ে লুঙী পিন্ধি অবৈধ বেদখলকাৰীক সুৰক্ষা দিবলৈ চেষ্টা কৰিছেঃ বিমল বৰা…

ৰাজ্যত বলিছে উপ নিৰ্বাচনৰ গৰম বতাহ।

নিৰ্বাচনক লৈ সাজু হৈছে শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দল।

শাসক আৰু বিৰোধীৰ মাজত সৃষ্টি হৈছে তীব্ৰ বাক যুদ্ধৰ।

থাওৰাত শাসক দলৰ সমান্তৰালভাৱে অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে।

ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ জয় নিশ্চিত বুলি অখিল গগৈয়ে দাবী কৰাৰ পাছত মন্ত্ৰী বিমল বৰাই কটাক্ষ কৰিছে।

বিমল বৰাৰ দাবী উপ নিৰ্বাচনত উন্নয়নৰ সপক্ষে ভোট দিব ৰাইজে।

মন্ত্ৰীগৰাকীয়ে কয় যে, অসমৰ ৰাইজতকৈ অখিল গগৈয়ে বেছি কথা নাজানে। সাধাৰণ নিৰ্বাচনত ৰাইজে অখিল গগৈক শিক্ষা দি থৈছে। থাওৰাৰ ৰাইজে কেতিয়াও ভুল নকৰে।

সুশান্ত বৰগোঁহাইক জয়ী কৰাব থাওৰাৰ ৰাইজে- এই দাবী মন্ত্ৰীগৰাকীৰ৷

তেওঁ লগতে অখিল গগৈয়ে লুঙী পিন্ধি অবৈধ বেদখলকাৰীক সুৰক্ষা দিবলৈ চেষ্টা কৰে বুলি মন্তব্য কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *