উত্তৰ-পূৰ্বৰ এইখন ৰাজ্যত নিষিদ্ধ হ’ব ভিক্ষা বৃত্তি, বিধানসভাত গৃহীত বিধেয়ক

নিউজ ডেস্কঃ ভিক্ষাৰী নিষিদ্ধ কৰাৰ বাবে প্ৰস্তুতি চলাইছে মিজোৰাম চৰকাৰে। ইতিমধ্যে চৰকাৰখনে বিধানসভাত গৃহীত কৰিছে ‘মিজোৰাম প্ৰহিবিশ্যন অৱ বেগাৰী বিল, ২০২৫’। অৱশ্যে এই বিধেয়কক লৈ আপত্তি কৰিছে বিৰোধী দলৰ সদস্যসকলে। ৰাজ্য চৰকাৰে দাবী কৰে যে এই আইনখনৰ মূল উদ্দেশ্য হৈছে ভিক্ষাৰীক পুনৰ সংস্থাপন আৰু মৰ্যাদাপূৰ্ণ জীৱিকাৰ ব্যৱস্থা কৰা।

সমাজ কল্যাণ, মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী লালৰিণপুইয়ে কয় যে মিজোৰামত সামাজিক গাঁথনি, গীৰ্জা আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ সমন্বিত প্ৰচেষ্টা আৰু চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ বাবে মিজোৰামত ভিক্ষাৰীৰ সংখ্যা অতি কম। কিন্তু ৰাজ্যৰ ছাইৰাং-ছিহমুইলৈকে ৰে’লপথ মুকলি হ’লে ৰাজ্যৰ বাহিৰৰ পৰা ভিক্ষাৰী অহাৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি চৰকাৰে আশংকা কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ ছেপ্টেম্বৰত এই ৰেলপথ উদ্বোধন কৰাৰ কথা।

এই বিধেয়কখন আইনত পৰিণত হ’লে চৰকাৰে ৰাজ্যিক পৰ্যায়ত ‘ৰিলিফ ব’ৰ্ড’ গঠন কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে কয়। এই ব’ৰ্ডৰ কাম হ’ব ভিক্ষাৰীৰ বাবে অস্থায়ী আশ্ৰয় শিবিৰ স্থাপন কৰা। তাত ৰখাৰ পিছত ২৪ ঘণ্টাৰ ভিতৰত তেওঁলোকক নিজৰ ৰাজ্য বা ঘৰলৈ ঘূৰাই পঠিওৱা হ’ব। মন্ত্ৰীগৰাকীয়ে দিয়া তথ্য অনুসৰি সমাজ কল্যাণ বিভাগৰ এক সমীক্ষাত ৰাজ্যৰ ৰাজধানী আইজলত বাহিৰৰ লোককে ধৰি ৩০ জনতকৈ অধিক ভিক্ষাৰী পোৱা গৈছে।

এই বিধেয়কখনৰ বিৰোধিতা কৰি মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এম এন এফৰ নেতা লালচান্দমা ৰাল্টেই কয় যে ই খ্ৰীষ্টান ধৰ্মৰ বিৰুদ্ধে আৰু ই ৰাজ্যৰ সুনাম কলংকিত কৰিব। তেওঁৰ মতে ভিক্ষা বন্ধ কৰিবলৈ এক শক্তিশালী সামাজিক আন্দোলনৰ প্ৰয়োজন।

অৱশ্যে মুখ্যমন্ত্ৰী লালডুহুমাই কয় যে এই বিধেয়কখনৰ মূল উদ্দেশ্য হৈছে চৰকাৰ, বেচৰকাৰী সংস্থা আৰু গীৰ্জাঘৰৰ যৌথ সহযোগত ভিক্ষাৰীক সহায় আৰু পুনৰ সংস্থাপন নিশ্চিত কৰা, যাতে ৰাজ্যখন ভিক্ষাৰীমুক্ত কৰি ৰাখিব পৰা যায়। দীৰ্ঘদিনীয়া আলোচনাৰ অন্তত বিধানসভাত বিধেয়কখন গৃহীত হয়।

Leave a Comment