নিউজ ডেস্কঃ ম্যানমাৰৰ পৰা অহা ড্ৰাগছৰ কবলত পৰি গ্ৰস্ত হৈ পৰিছে মিজোৰাম। ২০২৪ বৰ্ষত ড্ৰাগছ সেৱনৰ ফলত ৰাজ্যখনত ১১গৰাকী মহিলাসহ মৃত্যু ঘটিছে ৭১ জন লোকৰ। এই তথ্য প্ৰদান কৰিছে মিজোৰামৰ আবকাৰী আৰু মাদক দ্ৰব্য বিভাগে।
উল্লেখ্য যে, ২০২৩ চনত মিজোৰামত নিষিদ্ধ ড্ৰাগছ সেৱনৰ ফলত প্ৰাণ হেৰুৱাইছিল ৭৪ জন লোকে। বিগত বৰ্ষটোত এই মৃত্যুৰ সংখ্যা সামান্য হ্ৰাস পালেও ৰাজ্যখনত ড্ৰাগছৰ অবাধ সৰবৰাহ আৰু সেৱনে এতিয়াও উদ্বেগ বৃদ্ধি কৰি ৰাখিছে। আবকাৰী বিভাগৰ মুখপাত্ৰ পিটাৰ জোহমিংথাংগাই কয় যে এই মৃত্যু মূলতঃ হেৰ’ইন ব্যৱহাৰৰ বাবেই হৈছে।
চৰকাৰী তথ্য অনুসৰি ১৯৮৪ চনত মিজোৰামত প্ৰথমবাৰৰ বাবে ড্ৰাগছ সংক্ৰান্তীয় মৃত্যু সংঘটিত হৈছিল ইয়াৰ পিছত এতিয়ালৈকে ৰাজ্যখনত ২৩০ গৰাকী মহিলাকে ধৰি ১৮৮১ জন লোকে ড্ৰাগছ সেৱনৰ ফলত প্ৰাণ হেৰুৱাইছে।
উল্লেখ্য যে, বাংলাদেশ আৰু ম্যানমাৰৰ সৈতে সীমা ভাগ কৰা পাহাৰীয়া ৰাজ্য মিজোৰামত ম্যানমাৰৰ পৰা নিতৌ অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ। ৰাজ্যখনৰ ৮২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তৰ মাজেৰে সৰবৰাহ হোৱা এই ড্ৰাগছে একপ্ৰকাৰ বিভীষিকা নমাইছে উত্তৰ-পূবৰ আন আন ৰাজ্যৰ যুৱক-যুৱতীসকললৈও।
২০১৫ চনৰ পূৰ্বে মিজোৰামত পোৱা প্ৰধান ড্ৰাগছ আছিল স্পাছমো-প্ৰক্সিভন আৰু পাৰ্ভন স্পা। অৱশ্যে ২০১৫ চনৰ পৰা হেৰ’ইনে সেই স্থান দখল কৰিছে। ২০০৪ চনত ৰাজ্যখনত ড্ৰাগছৰ ফলত হোৱা লোকৰ মৃত্যুৰ সংখ্যা আছিল সৰ্বাধিক। সেই বছৰ ১৪৩ জন লোকৰ মৃত্যু ঘটিছিল ড্ৰাগছৰ ফলত। যোৱা দহ বছৰত ৰাজ্যত ড্ৰাগছ সেৱনৰ বাবে ৫৬৪ জন লোকে প্ৰাণ হেৰুৱাইছে।
২০২৪ চনত আবকাৰী বিভাগে ৪৬.৫ কিলোগ্ৰাম হেৰ’ইন, ১৩৮.৮ কিলোগ্ৰাম মেথামফেটামাইন টেবলেট, আৰু ৫৮৬.৬ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিছিল। সেই বছৰ ড্ৰাগছ আৰু মদ সম্পৰ্কীয় অপৰাধৰ গোচৰ ৰুজু হৈছিল ৭,৩০৯জন লোকৰ বিৰুদ্ধে।