অসমতে লাঞ্ছিত অসমীয়া ভাষা, অসমীয়া ভাষাৰ প’ষ্টাৰত ক’লা ৰং সানি ভয়ংকৰ পৰিবেশ সৃষ্টি কৰাৰ হুংকাৰ…

অসমতে লাঞ্ছিত অসমীয়া ভাষ, অসমীয়া ভাষাৰ প’ষ্টাৰ আঁতৰাই শিলচৰ ৰেল ষ্টেচনত প্ৰতিবাদ।

অসমীয়া ব্যৱহাৰ কৰিবলৈ বাধ্য কৰিলে পুনৰ ১৯৬১ ৰ দৰে পৰিৱেশ হোৱাৰ হুংকাৰ।

দেওবাৰে এই প্ৰতিবাদ সাব্যস্ত কৰে বৰাকৰ দুই সংগঠন ক্ৰমে বৰাক ডেম’ক্ৰেটিক য়থ ফ্ৰণ্ট আৰু সৰ্ব বঙালী ছাত্ৰ যুৱ সংগঠনে।

তেওঁলোকে ৰেল ষ্টেচনত অসমীয়া ভাষাৰ চৰকাৰী প’ষ্টাৰ লগোৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

তেওঁলোকে ষ্টেচনৰ সকলো অসমীয়া ভাষাৰ প’ষ্টাৰত কলা ৰং সানি দিয়ে আৰু সেই সমূহ আঁতৰাই দিয়ে।

সংগঠন দুটাই দাবী কৰে যে কাছাৰ আৰু বৰাকত যিহেতু বঙালী ভাষা চৰকাৰী ভাষা সেয়েহে বৰাকত অসমীয়া ভাষাৰ চৰকাৰী প’ষ্টাৰ লগোৱাটোৱে ১৯৬১ ৰ ভাষা চুক্তিক অৱমাননা কৰিছে।

তেওঁলোকে লগতে বৰাকৰ জনসাধাৰণক য’তেই অসমীয়া ভাষাৰ প’ষ্টাৰ দেখে লগে লগে আঁতৰাই পেলাবলৈ আহ্বান জনায়।

সংগঠন দুটাৰ যুটীয়া সাংগঠনিক কমিটীৰ আহ্বায়ক কল্পৰ্ণৱ গুপ্তাই এই সন্দৰ্ভত কয়, “চৰকাৰে ১৯৬১ ৰ ভাষা আন্দোলনৰ অধীনত ত্ৰি-ভাষিক চুক্তি গ্ৰহণ কৰিছিল। য’ত সেই আন্দোলনত বৰাক উপত্যকাৰ ১১ জন লোক শ্বহীদ হৈছিল। যিসকলে নিজৰ মাতৃভাষা সুৰক্ষাৰ বাবে নিজৰ জীৱন ত্যাগ কৰিছিল।

চুক্তি মতে বৰাকত বঙালী ভাষাক চৰকাৰী সকলো কাৰ্যত ব্যৱহাৰৰ বাবে চৰকাৰ সন্মত হৈছিল, এইটো কথা বৰ্তমানৰ চৰকাৰে নজনা নহয়। তথাপিও তেওঁলোকে বৰ্তমানেও অসমীয়া প’ষ্টাৰ লগাই আছে। এইয়া ভুলবশত: কৰা হোৱা নাই। আমি এই ইচ্ছাকৃত ভুলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছো।

তেওঁ লগতে কয় যে, “দিছপুৰৰ বিষয়াই বৰাকক পৰৱৰ্তী গোৱালপাৰা কৰিবলৈ চেষ্টা কৰি আছে। কিয়নো কেইদিনমান পূৰ্বে পৰমানন্দ ৰাজবংশী বৰাকলৈ আহিছিল। তেওঁ ইয়ালৈ আহি প্ৰাথমিক পৰ্যায়ৰ শিক্ষাত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ কথা কৈছিল।”

তেওঁ আৰু কয় যে, “আমাৰ মুখ্যমন্ত্ৰী বৰাকলৈ প্ৰায়ে আহে। দূৰ্গা পূজাতো তেওঁ শিলচৰলৈ আহিছিল। তেওঁ বৰাক ব্ৰহ্মপুত্ৰৰ একতাৰ কথা কয়। কিন্তু তেওঁৰ কামে তাক প্ৰতিফলন নঘটাই। এই বিষয়ত আমাৰ স্থানীয় প্ৰতিনিধিসকল অন্ধ হৈ আছে।’

ইয়াৰোপৰি তেওঁ শিলচৰ চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ ৫ দশক হোৱাৰ পিছতো মহাবিদ্যালয়খনত স্নায়ু আৰু হৃদ ৰোগৰ বিভাগ স্থাপন নোহোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰে। তেওঁ কয় যে, এই বিভাগ দুটা নোহোৱাৰ বাবে বৰাকৰ মানুহ গুৱাহাটী, শ্বিলং বা আন ঠাইলৈ যাব লগা হয়। যাৰ ফলত বহুতেই চিকিৎসালয়লৈ যোৱাৰ পথতে প্ৰাণ হেৰুৱাই।

আনহাতে সৰ্ব বঙালী ছাত্ৰ যুৱ সংগঠনৰ কাছাৰ কমিটীৰ সভাপতি ৰাজু দেৱে কয় যে, “শিলচৰ ৰেল ষ্টেচন হৈছে ভাষা আন্দোলনৰ শ্বহীদৰ ৰক্তৰে ৰক্তাক্ত হোৱা স্থান। যদি প্ৰয়োজন হয় ৬১ ৰ আন্দোলনৰ পুনৰাবৃত্তি হ’ব।”

Leave a Comment