ৰাষ্ট্ৰীয়অসমীয়ামিজােৰাম

বহু কিবাকিবিয়েই কৰিব পাৰিলেহেঁতেন! কিন্তু স্বাভিমানী হেনৰীয়ে বাছি ল’লে সততাৰে জীয়াই থকাৰ পথ, ঘূৰাই দিলে ১৭ লাখ টকা

নিউজ ডেস্কঃ লোভ, প্ৰৱঞ্চনা আৰু আত্মসাতৰ পৃথিৱীত মানৱীয়তা এতিয়া কেৱল এক কিতাপৰ আখ্যান। কিন্তু সেই সময়তে সততা আৰু মানৱতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰি নজিৰ গঢ়িবলৈ সক্ষম হ’ল দক্ষিণ মিজোৰামৰ লংটলাই চহৰৰ এজন অটোৰিক্সা চালকে।

মাত্ৰ ২৮ বছৰীয়া হেনৰী লালহামিংলিয়ানাই বৃহস্পতিবাৰে নিশা নিজৰ গাড়ীৰ চিটত এটা “ভাগ্যৰ সন্ধান” পাইছিল- পলিথিনৰ বেগত ভৰাই থোৱা ১৭ লাখ টকা নগদ ধন। প্ৰায়ে ৫০০ টকাতকৈও কম উপাৰ্জন কৰা হেনৰীৰ বাবে এয়া আছিল বিশাল পৰিমানৰ ধন। এই ধনেৰে তেওঁ বহু কিবাকিবিয়েই কৰিব পাৰিলেহেঁতেন। হয়তো এই কথা এখন্তেকৰ বাবে হ’লেও মনলৈও আহিছিল অভাৱত জীৱন নিৰ্বাহ কৰা যুৱকজনৰ।

কিন্তু এটা সততাপূৰ্ণ জীৱন যাপন কৰিবলৈ আগ্ৰহী হেনৰীয়ে এক ব্যতিক্ৰম সিদ্ধান্ত লয়। এই টকাৰ প্ৰকৃত গৰাকীক বিচাৰি তেওঁ উপস্থিত হয় শেষ যাত্ৰীজনক নমাই থৈ অহা হোটেলখনৰ সন্মুখত।

WhatsApp Image 2025 06 21 at 11.18.14 7a78778c

সেই সময়ত নিজৰ হেৰুওৱা টকাখিনি বিচাৰি হোটেলৰ কৰ্মচাৰীৰ সৈতেই বাকযুদ্ধত লিপ্ত হৈ আছিল ম্যানমাৰৰ ব্যৱসায়ীজনে। হেনৰীয়ে পলম নকৰাকৈ টকাখিনি মানুহজনক ওভতাই দিয়ে।

হেনৰীৰ ভাষাত, “সেই সময়ত মোৰ মূৰত এটাই চিন্তা আছিল- টকাখিনি হেৰুৱাই মানুহজন কিমান বা চিন্তাত পৰিছে।”

লংটলাই অটো ৰিক্সা মালিক সন্থাৰ সভাপতি চি জাথিয়াংগাই কয়, “হেনৰীয়ে বেগত কি আছে জানিছিল, কিন্তু দ্বিতীয়বাৰ চিন্তা নকৰাকৈয়ে তেওঁ টকাখিনি ঘূৰাই দিলে। এনে সততা আজিকালি বিৰল।”

WhatsApp Image 2025 06 21 at 11.18.25 f018cb63

জানিব পৰা মতে, বজাৰ ভেং অঞ্চলৰ পৰা এল-৩ চুবুৰীৰ এখন হোটেললৈ যোৱাৰ পথত হেনৰীৰ অটো ৰিক্সাত উঠিছিল ম্যানমাৰৰ ব্যৱসায়ীজনে। সেই সময়তে তেওঁ পলিথিনত মেৰিয়াই অনা তেওঁৰ টকাখিনি গাড়ীৰ চিটত এৰি থৈ যায়।

হেনৰীয়ে কয়, ”আনৰ ধন মোক নালাগে। মই নিজৰ কষ্টোপাৰ্জিত ধনেৰে জীয়াই থাকিম। সেইটোৱেই মোৰ প্ৰকৃত সুখ।”

এই ঘটনাই মিজোৰাম সমাজৰ পৰা লাভ কৰিছে প্ৰশংসাৰ ঢৌ। বহুতে কয় যে হেনৰী আধুনিক যুগৰ আদৰ্শ নাগৰিক— যাৰ বিবেক, আত্মসন্মান আৰু সততাই আজিৰ সমাজখনক অধিক আশাবাদী কৰি তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *